সংযোগ (দিপাংকৰ অনুৰাগ)


মাজনিশা.. মুখত মদৰ গোন্ধ লৈ পথৰ মাজত ওলাই আহিছে, এজন মাতাল প্ৰেমিক । ঢলং- পলং তাৰ খোজ.. পথটোৱেও যেন সহিব পৰা নাই বিমূৰ্ত প্ৰেমিকৰ বিষাদৰ ভৰ ৷
কিনকিনীয়া বৰষুণ এজাক অবিৰতভাৱে বৰষি আছে। হঠাৎ তাৰ কাষেৰে শীতল বা- ছিটিকনি অকণ ছটিওয়াই গাড়ী এখন পাৰ হৈ গ'ল ৷
"...কে**, শান্তিত মৰিবলৈও নিদিয়, খুন্দিয়াই যাব নোৱাৰিলি..." অশ্লীলভাৱে গাড়ীখনক পিছফালৰ পৰা চিঞৰি উঠিল সি ৷
চকামকাকৈ তাৰ নিচেই কাষতে দেখা পোহৰত সি চমকি উঠিল ৷ খাচ্... এইবাৰ গালি পাৰিবলৈ আহৰি নাপালে...কিছু দূৰৈত ছিটিকি পৰি নিঠৰ হৈ গ'ল তাৰ মাতাল শৰীৰটো ৷
গাড়ীখন ফো- ফোৱাই আগুৱাই আঁতৰি গ'ল ৷
নাই.. কোনেও খবৰেই নাপালে দূৰ্ঘটনাটোৰ। কাৰণ সেই সময়ত পথটোৰ সিমূৰে থকা বিয়া ঘৰত কইনাৰ বিদায় মুহূৰ্ত চলি আছিল ৷ আচৰিত ভাৱে, কইনাজনীয়ে কন্দা নাছিল এধানি মানো...তাৰ পৰিৱৰ্তে দুচকুত ভাঁহিছিল হিয়াৰ আপোনজনক হেৰুওৱাৰ অব্যক্ত বেদনা । কঁপালত তেতিয়াও উজলি আছিল ৰঙচুৱা বেলিটি.... পথত পৰি ৰোৱা তেজৰ চেকুৰাবোৰ বৰষুণজাকে ধুই নিছিল তেতিয়ালৈ...

... ল'ৰাজনে ইমান ৰাতিলৈ তাত কি কৰি আছিল বাৰু ! কইনাজনীৰ চকুত চকুলো কিয় নাছিল ! মাতাল ল'ৰাটোৱেই তাইক পাগলৰ দৰে ভাল পাইছিল নেকি ? হ'ব পাৰে পিছদিনা ৰাতিপুৱা ন- কইনাজনীয়ে পথটোৰ সেই নিৰ্দিষ্ট ঠাইখিনিত হিয়া ধাকুৰি কন্দা সকলোৱে দেখিছিল ৷

দূৰভাষঃ ৮৭২১৮৬১৯২৯