কৰ'বাত হেৰাই গৈছে নেকি গুৰু- শিষ্যৰ মাজৰ মধূৰ সম্পৰ্কটো (মণ্টু বৰুৱা)


সততে সকলোৰে মুখত শুনা যায় । আগৰ দিননাই, আজিৰ শিক্ষক আৰু আগৰ শিক্ষকৰ মাজত আকাশ পাতাল পাৰ্থক্য । আজিৰ শিক্ষকে শিক্ষাৰ্থীক টানি কথা এষাৰ ক'ব নোৱাৰে চিধাই কোনোবা সংগঠনলৈ পোনাই দিব নতুবা সংবাদ মাধ্যমৰ ভাবুকি দিব ৷ আগতে ছাত্ৰই শিক্ষকক ভয় কৰিছিল আৰু তাৰ সমানে সমানে শ্ৰদ্ধা- ভক্তিও কৰিছিল ৷ সেই শ্ৰদ্ধা- ভক্তিৰ মূলতে আছিল শিক্ষক- শিক্ষয়িত্ৰী সকলৰ ব্যক্তিত্ব । এই ব্যক্তিত্বৰ বলতে আজিও সমাজত বহু শিক্ষকে নিজৰ প্ৰাপ্য সন্মান লাঘৱ নোহোৱাকৈ ধৰি ৰাখিবলৈ সক্ষম হৈছে । আমাৰ সমাজত যদিও শিক্ষকক যদিও ভি আই পি মৰ্য্যদা দিয়া নহ'ল । তথাপিও আমাৰ সমাজত শিক্ষকৰ ভি আই পি বা ৰাজনীতি বিদতকৈ সন্মান অধিক । কিন্তু, যেতিয়াৰ পৰা ৰাজনৈতিকৰ নেগুৰত ধৰি শিক্ষক হোৱাৰ পৰিৱেশ এটা গঢ় লৈ উঠিল, ৰাজনীতিকৰ নেগুৰত উলমি বিদ্যালয় প্ৰাদেশীকৰণৰ সপোন দেখিলে তেতিয়াৰে পৰা সমাজত শিক্ষকৰ সন্মান কমি আহিল । শিক্ষক বুলিলে আপোনা- আপুনি দো খাই অহা মূৰটো তললৈ যোৱাৰ আগত চিন্তা কৰিব লগীয়া হ'ল এইজন শিক্ষক নে ৰাজনীতিবিদৰ ঢেমাধৰা ৷ বহু সময়ত শিক্ষকে শিক্ষাৰ্থীৰ পাঠ্যক্ৰমলৈ চকু দিয়াৰ সলনি ৰাজনৈতিক সভা- সমিতিত জড়িত হৈয়ে দৰমহা খোৱা কথাও চলি আহিছে ৷ ৰাজনীতিৰ প্ৰভাৱত এওঁলোকক কোনেও গা নোমডালো লৰাব নোৱাৰে ৷

অলপ দিন আগতে বৰাক উপত্যকাৰ ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক এজনৰ এখন ফটোৱে সৰ্বত্ৰে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ নিজৰেই শিক্ষাৰ্থীৰ লগত অপকৰ্মত লিপ্ত হৈ সামাজিক মাধ্যমত ফটো আপলোড কৰা শিক্ষৰ জনৰ কৰ্মকাণ্ডই উদঙাই দেখুৱাইছে কেনে মানসিকতাৰ শিক্ষক মানৱ সম্পদ গঢ়া কাৰখানাত কৰ্মৰত হৈ আছে ৷ সহকৰ্মীৰ লগত মাৰপিট, বিদ্যালয়ত উন্নয়ণ মূলক আঁচনিৰ ধন আত্মসাৎ আদিকে ধৰি বিভিন্ন অপকৰ্মত লিপ্ত হোৱা খবৰবোৰে শিক্ষক বুলিলে মনলৈ অহা পৱিত্ৰ মানুহজনৰ ফটোখনকে সলনি কৰি পেলাইছে। শেহতীয়াভাৱে ৰাজ্যৰ ৰাজনীতিত সকলোকে জোকাৰি যোৱা অন্যতম এটা ঘটনা আছিল শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ফলাফল বেয়া হোৱা বিদ্যালয় সমূহৰ প্ৰধানক ছেৱাৰ কাৰ্যালয়লৈ মাতি নি ৰাজহুৱাভাৱে অপদস্থ কৰিছিল । আমি সকলোৱে ৰাজ্যৰ শিক্ষা খণ্ডত অদক্ষ শিক্ষক আছে বুলি স্বীকাৰ কৰিও, এনে মূল্যায়নৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰিও ৰাজহুৱাভাৱে এজন মন্ত্ৰীয়ে শিক্ষকক তেনে ধৰণে অপদস্থ কৰাটো কোনো কাৰণতে সমীচিন নহয় । ই সমাজত শিক্ষকৰ মৰ্যদা হানি কৰিছে । ইয়াৰোপৰি অভিভাৱক সকলৰ কথা নক'লেও সৰ্বজন বিদিত । কিবা কাৰণত শিক্ষাৰ্থীৰ এচাট দিলেও শিক্ষকক চৈধ্য গোষ্ঠী উজাৰি গালি পৰাৰ লগতে ৰঙাঘৰৰ ভাত খুৱাইহে এৰিব ৷ সন্তানৰ সন্মুখতে অমুক শিক্ষক ভাল ৷ তমুক শিক্ষক বেয়া সেইবোৰতো আছেই ৷

শেষত সমাজত দিনক দিনে যিদৰে মূল্যবোধৰ অৱশয় ঘটিছে, অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে সেই সময়ত শিক্ষক সকলৰো গুৰুত্ব বৃদ্ধি পাইছে ৷ ভৱিষ্যতৰ দিনবোৰ যদি আজি শিক্ষকৰ ওপৰতেই নিৰ্ভৰ কৰিছে বুলি কওঁ তেতিয়াও নিশ্চয় অতু্যক্তি কৰা নহ'ব । আজি শিক্ষাৰ্থী কাইলৈ দেশৰ ভৱিষ্যত । শিক্ষক সকলে শ্ৰেণী কোঠাত দেশৰ ভৱিষ্যতক গঢ় দিয়ে ৷ শিক্ষকেই সমাজ পৰিৱৰ্তনৰ মূল আহিলা, সমাজৰ চালিকা শক্তি । এনে এটা পৱিত্ৰ কৰ্মক তেঁওলোকে কেৱল এটা চাকৰি বা জীৱন- ধাৰণৰ আহিলা বুলি বিবেচিত নকৰি নিজৰ শক্তি আৰু সামৰ্থক সদব্যৱহাৰ কৰা উচিত । শিক্ষকৰ মাজতো অবাঞ্ছিত কাৰ্যকলাপ ঘটিব পাৰে । কিন্তু, তাৰ বাবে সমগ্ৰ শিক্ষক সমাজক সাঙুৰে বিৰপ মন্তব্য কৰাৰ পৰা আমি সকলো আঁতৰি থকাই যথোচিত ৷ সমালোচিত হওঁক শিক্ষক, কৰ্তব্যত গাফিলতিৰ বাবে স্বেচ্ছা মূলক অৱসৰ দিয়া হওঁক, যথাযথ শাস্তি পাওক দোষী শিক্ষকে কিন্তু এই সকলোবোৰ হওঁক গুৰু শিষ্যৰ মাজৰ সম্পৰ্কটোত কোনো ভাঙোন নহাকৈ । শিক্ষক- ছাত্ৰৰ সম্পৰ্কৰ অৱনতি ঘটিলেই শৈক্ষিক পৰিৱেশটো আৰু বিনষ্ট হ’ব । পুনৰ শিক্ষাৰ্থীৰ ওপৰত অভিভাৱতকৈ শিক্ষকৰ প্ৰভাৱ বহু সময়ত বেছিকৈ পৰে । বহু সময়ত শিক্ষকজন নিজেই ছাত্ৰৰ বন্ধু, ছাত্ৰৰ অভিভাৱক, ছাত্ৰৰ পথ পদৰ্শক । শিক্ষা ব্যৱস্থাটো সফল কৰাত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ সম্পৰ্কটো মধূময় হ’বই লাগিব ৷