শৰতৰ উপত্যকাত মৃত্যুৰ কিৰীলি (দেৱব্ৰত শৰ্মা)


শাৰদীয় বতৰ ইতিমধ্যে আৰম্ভ হ'লেই যদিওৱা দুৰ্গা পূজালৈ মাহত বহুকেইদিন বাকী । গাৱঁৰে ফটিক কাইদেউক লগ পালো আজি । মাটি বন্ধকত দিবলৈ মানুহ বিচাৰি ফুৰিছে। মোকেই সুধিছিল পিছে, কিন্ত মই হেন মানুহটোৱে বাৰু মাটি বন্ধকত ল'ব পাৰো নে ? মোৰ নিজৰেই যি পইচাৰ টনা- টনি । তাতে এইবাৰ পূজাটোৱো পালেহি । ল'ৰা- ছোৱালী কেইটাকো পূজা বুলি কিবা এটা দিব লাগিব । ফটিক কাইটিয়েও বোলে পূজাৰ চাবৰ বাবেহে মাটি টুকুৰা বন্ধকত দিব বিচাৰিছো । মই কৃষ্ণ মানিলো । কিন্ত তেওঁৰো যুক্তি আছে । পুতেকক কৈ থৈছিল কিবা ডি এছ লাৰ নে কি জানো সেইটো দিব বোলে পূজাত । গাৱঁৰে মানৱ ক সোধোতে সি ক'লে বোলে সেইটোৰ দাম ৪০ হাজাৰ মান পৰিব । ফটিক কাইটি দিন হাজিৰা কৰি চলা মানুহ । ইমান টকা ক'ত পাব । মাটি কেইডৰামান পিছে আছে । গতিকে পুতেকৰ জিদ পুৰাবলৈ তাৰে অকণমান বন্ধকত দিব বিচাৰিছে । কথাটো ইমানেই…
মোৰ মনটো গধুৰ হৈ আহিল । আমিওটো সেইবোৰ দিন পাৰ কৰি আহিছিলো । পূজাৰ আনন্দ আমিও উপভোগ কৰিছিলো । ষষ্ঠীৰ গধূলি গোসাঁনী পাতত তোলা চাবলৈ যে গৈছিলো দেউতাৰ হাতত ধৰি । মাৰ কাঢ়া নিৰ্দেশ আছিল, আজি একো নিকিনিবি । প্ৰথম দিনা বস্তবোৰৰ দাম বহুত বেছি লয় । মইও মানি লৈছিলো দেই… ঘৰলৈ উভতি আহোতে দেউতাই মিঠাইৰ দোকানৰ পৰা জেলেপি লৈছিল আৰু মই তাতেই এটা খাইহে শান্তি পাইছিলো । জেলেপিটো খোৱা মানে মোৰ পূজা আৰম্ভ হৈ গৈছিল ।
পিছদিনা ৰাতিপুৱা নতুন পোচাক যোৰ পিন্ধি সমনীয়াৰ লগত ওলাই গৈছিলো গোসাঁনী সেৱা কৰিবলৈ ৷ দুৰ্গা গোসাঁনীৰ সেই মূৰ্তিটো বহু সময় ধৰি ৰ' লাগি চাইছিলো আৰু মহিসাসুৰ… !
সঁচাকৈ ভয় খাইছিলো মহিসাসুৰৰ মূৰ্তিটো দেখি । সেৱা কৰি পূজাৰীয়ে দিয়া বুন্দিয়া- ভুজিয়াৰ পেকেটটো খাই শেষ কৰি আমি গৈছিলো বন্দুক কিনিবলৈ ৷
বন্দুকৰ লগত কিনিছিলো গুলি আৰু পূজা মন্দিৰৰ চাৰিওফালে খেলিছিলো গুলিয়া- গুলি ।
নিৰ্ভেজাল ধেমালিৰ শৈশৱ । উপভোগ আছিল মাথো সৰলতাৰ ৷
আৰু এতিয়া পূজাত………… ?
শাৰদীয় বতৰৰ সেই মাদকতাবোৰ যেন নিঃশেষ হৈ হ'ল নিয়তিৰ হাতত । এতিয়া যে চৌদিশে মৃত্যুৰ হে কিৰীলি ৷ এতিয়া প্ৰায়ে শুনা যায় মৃত্যুৰ বতৰা পূজাৰ দিনবোৰত । দু্ৰ্ঘটনাই প্ৰাণ কাঢ়ে বহুজনৰ ।
মহিসাসুৰৰ প্ৰতিপ্ৰত্তিহে যেন বেছি হৈছে আধুনিক সময়ত আৰু ফটিক কাইৰ সেই ল'ৰাটো ৷
লাগ বুলিলেই তাক সেই কেমেৰাটো লাগে ৷ দেউতাকে কেনেকৈ দিব কি কৰিব সেইবোৰ দৰকাৰ নাই… দৰকাৰ হ'লে ঘৰ বাৰি বিক্ৰী কৰি হ'লেও দিবই লাগিব । কি যে দিনবোৰ আহিল ৷ তাতে এইবাৰ বানটোৱে গোটেই ৰাইজমখাক শেষ কৰি গ'ল। খেতিখিনিটো শেষ কৰিলেই মাটিখনিও বালিময় কৰি থৈ গ'ল । সাধাৰণ কৃষকবোৰে বাৰু কেনেকৈ আমেজ পাব শৰতৰ । দিনক দিনে চোন দিনবোৰ জটিল হৈহে আহিছে । সকলোৱে চোন নিজক লৈয়ে মৰা কটা খন কৰি আছে । শৰৎ ঋতুহে আহিল । মনবোৰ শাৰদীয় নহ'ল । কিবাচোন কুলক্ষণ এটাহে সোমাই গ'ল মানুহ মখাৰ মনত আৰু অকণমানি শৈশৱবোৰো চোন আধৰুৱা হৈ ৰ'ল। কিবা ম'বাইল গেম, টিভি, কাৰ্টুন এইবোৰতেই দেখোন সময়বোৰ খৰচ হ'ল সিহঁতৰ ৷ ভালবোৰ শেষ হৈ গ'ল । সৰলতাবোৰ আঁতৰি গ'ল। মনবোৰো বৰ কুলষিত হ"ল ৷
আমাৰ তাহানিৰ ধেমালিবোৰত কিন্ত এইবোৰ বিষাদ নাছিল আমি আচলতে উপভোগ কৰিছিলো পূৰ্ণ্যদমে
পূজাৰ শেষৰ দিনা মন্দিৰত বিলোৱা ভুজিয়া পেকেট সংগ্ৰহ কৰাটো আমাৰ বাবে ডাঙৰ কাম আছিল, কিন্ত আজি এইবোৰ কি শুনিছো কিবা বোলে খেল ওলাইছে মৃত্যুক লৈ । শুনিছো বোলে বিজয়ী হ'বলৈ সঁচাসচিকৈ মৃত্যু হ'ব লাগে ৷ এইবোৰ বাৰু কি হৈছে ?
বিজয়ী হ'বলৈ বাৰু মৃত্যু হ'ব লাগে নি ? আমিয়েই চোন বহুবাৰ মৃত্যু হৈছো গুলিয়া গুলি খেলত । মৃত্যু হ'লে পৰাজয়হে হয় । বিজয়ী কেনেকৈ হ'ব ৷
এইবোৰ অধঃপতন সমাজৰ পৰিবাহক
নষ্ট পৃথিৱীৰ উৎসেচক ৷
এইবোৰ হ'ব নালাগে,। পৃথিৱীখন ধুনীয়া হৈ থাকিব লাগে । শৰতৰ উপত্যকাত সকলোৱে শাৰদীয় আমেজ ল'ব লাগে, মৃত্যুৰ নহয় ৷

ঠিকনাঃ শিৱসাগৰ ৷