লাঞ্চবক্স আৰু কিছু কথা (শুভম গোস্বামী)


বলিউডৰ এখন অন্যতম প্ৰিয় ছবি "দ্যা লাঞ্চবক্স"। কেতিয়াবা আমি ভাবোনে বিশেষকৈ মুম্বাইৰ সেই গান্ধী টুপী পৰিহিত 'লাঞ্চবক্স' কঢ়িয়াই লৈ ফুৰাসকলৰ জীৱনৰ বিষয়ে ? মায়া মহানগৰীৰ ব্যস্ততাৰ মাজতো তেওঁলোকে যিকোনো পৰিস্থিতিত যিকোনো উপায়ে গ্ৰাহকক সঠিক সময়ত খাদ্যৰ টোপোলাটো যোগান ধৰাৰ চেষ্টা কৰে । এক কথাত লাঞ্চবক্স কঢ়িয়াই লৈ ফুৰা সকল মুম্বাইৰ জনগণৰ দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য্য অংগ ৷ আহকচোন জানিবৰ চেষ্টা কৰো তেওঁলোকৰ বিষয়ে কিছু কথা ৷
১৮৯০ চনত মহাদেও হাৱাজী বচ্চে নামৰ এজন ব্যক্তিয়ে পোনপ্ৰথমে লাঞ্চবক্স যোগানকাৰী সেৱাৰ আৰম্ভণি কৰে । প্ৰথম অৱস্থাত তেওঁৰ প্ৰধান কাম আছিল ব্ৰিটিছ বিষয়া সকল আৰু পাৰ্চী বেংকৰ লোকসকলৰ বাবে খাদ্যৰ যোগান ধৰা, কিন্তু অতি সোনকালে ই এক ব্যৱসায়ৰ ৰূপ পালে । মাত্ৰ ১০০ জন লোকেৰে আৰম্ভ কৰা এই ব্যৱসায়টোৱে ১৯৩০ চনত এটা প্ৰতিষ্ঠিত উদ্যোগৰ ৰূপ পালে ৷ ১৯৫৬ চনত নূতন মুম্বাই টিফিনবক্স চাপ্পায়াৰ্চ ট্ৰাষ্ট প্ৰতিষ্ঠা হয় আৰু বৰ্তমান ইয়াৰ অধ্যক্ষ ৰঘুনাথ মেগড়ে ৷
উল্লেখযোগ্য যে এই সংস্থাটোৱে আজিলৈকে কেৱল এবাৰ প্ৰতিবাদ কৰিছে ৷ সেয়া আছিল ২০১১ চনত আন্না হাজাৰেৰ সৈতে দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ । লক্ষণীয় যে সেই প্ৰতিবাদত প্ৰায় ৫০০০ কৰ্মীয়ে অংশ গ্ৰহণ কৰিছিল । সৌভাগ্য বশতঃ সেইদিনা মুম্বাইৰ সকলো কাৰ্য্যালয়, অনুষ্ঠান- প্ৰতিষ্ঠান বন্ধ আছিল, নহ'লে কেনে এক পৰিস্থিতিৰ সৃষ্টি হ'লহেঁতেন সেয়া কল্পনাৰো অগোচৰ ৷
লাঞ্চবক্স যোগানকাৰী এই কৰ্মী সকল তেওঁলোকৰ কৰ্মত ইমানেই পাৰ্গত যে আপুনি জানি আচৰিত হ'ব যে প্ৰতি ১৬ নিযুতত তেওঁলোকৰ মাত্ৰ এবাৰ ভুল হয় । এই সংস্থাটো ISO ৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত এটা সংস্থা । আচৰিত যে কোনো কম্পিউটাৰ চালিত পদ্ধতি অবিহনে তেওঁলোকে কামবোৰ ইমান সঠিক আৰু নিখুতভাৱে কৰে যে ভুলৰ কোনো অৱকাশ নাথাকে । তেওঁলোকে কম্পিউটাৰ ব্যৱহাৰ নকৰাৰ অৰ্থ এনে নহয় যে তেওঁলোকৰ পৰিকল্পিত কোনো পদ্ধতি নাথাকে । প্ৰতিটো লাঞ্চবক্সতে বিশেষ ৰং লগোৱা হয় যাৰ দ্বাৰা গ্ৰাহক আৰু গ্ৰাহকৰ ঠিকনা নিৰ্ধাৰণ কৰা হয় । সেই নিদিষ্ট ৰঙৰ আধাৰতে লাঞ্চবক্সবোৰ গন্তব্য স্থানত ৰেল, বাছ আৰু চাইকেলৰ মাধ্যমেৰে উপযুক্ত সময়ত যোগান ধৰা হয় ৷
লাঞ্চবক্স যোগানকাৰী এই সংস্থাৰ বিষয়ে বহ সময়ত গৱেষণাও কৰা হৈছে । ২০০৫ চনত IIT য়ে চলোৱা এটা সমীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি এই মানৱচালিত ব্যৱস্থাটো হৈছে উত্তম ব্যৱস্থাৰ এক উৎকৃষ্ট নিদৰ্শন । এই সংস্থাৰ কাৰ্যকলাপ সমূহ হাৱাৰ্ড বিজনেচ স্কুলত দাঙি ধৰা হৈছিল য'ত তেওঁলোকে যথেষ্ট সন্মান লাভ কৰিছিল । উল্লেখযোগ্য যে লাঞ্চবক্স যোগানকাৰী কৰ্মীৰ নাম Guinness World Record টো ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে । বল্য বচ্চী নামৰ এজন কৰ্মীয়ে ৬/৭ ফুট উচ্চতাৰ তিনিটাকৈ লাঞ্চবক্স কঢ়িয়াই কেইবাবাৰো যোগান ধৰি ৰেকৰ্ড গঢ়িব সক্ষম হৈছিল ৷
লাঞ্চবক্স যোগানকাৰী এই সংস্থাটোৱে যে কেৱল ব্যৱসায়ে কৰিছে তেনে নহয় । তেওঁলোকে মানৱ সেৱাৰো চূড়ান্ত নিদৰ্শন দাঙি ধৰিছে, যাৰ জৰিয়তে তেওঁলোকৰ চিন্তা আদৰ্শ আৰু উদাৰতাৰ চানেকি পোৱা যায় । তেওঁলোকে "শ্বেয়াৰ মাই ডব্বা" নামৰ এক কাৰ্যক্ৰমৰ জৰিয়তে দুখীয়া শিশুসকলক বিনামূলীয়াকৈ খাদ্যৰ যোগান ধৰে । এই কাৰ্যক্ৰমৰ অধীনত যোগান নধৰা খাদ্যবোৰ নষ্ট হ'বলৈ নিদি দুখীয়া বা অনাথ শিশুসকলৰ মাজত বিলাই দিয়া হয় ৷
সঁচাকৈ এই বিচক্ষণ কৰ্মীসকল আৰু তেওঁলোকৰ এই সুন্দৰ ব্যৱস্থাটোৰ কৌশলবোৰৰ ওচৰত মূৰ দো খাই যায় ৷ কেৱল ময়েই নহয় প্ৰিন্স চাৰ্লচৰ পৰা আদি কৰি বহু ডাঙৰ ডাঙৰ ব্যৱসায়ী সকলো এওঁলোকৰ অনুৰাগী । সঁচাকৈ লাঞ্চবক্স যোগানকাৰী কৰ্মী সকল আৰু যোগানকাৰী ব্যৱস্থাটো প্ৰশংসাৰ পাত্ৰ ৷

দূৰভাষঃ ৯৬১৩১৯৩২৫১