কুৱলী বৰুৱা কেৱল এটি নাম নহয়, ই এক আৱেগ ! এতিয়াও মনত আছে মোৰ প্ৰথমদিনা তাইক কলেজত কেম্পাছত দেখা, উফ্ ! কি যে ভাল লাগিছিল সেইদিনা । খিল- খিলাই হাঁহি যোৱা ষোড়শী গাভৰু জাকৰ মাজত লাজ লাজকৈ এটা মিচিকিয়া হাঁহি ওঁঠতলৈ গালত পৰা চুলিখিনি গুচোৱা চলেৰে মোৰ ফালে চাইছিল তাই; সঁচাই কৈছো, বুকুখন বৰ জোৰকৈয়ে ধপ- ধপাইছিল সেই মুহূৰ্তত । বাৰে বাৰে তিনি চাৰিদিন নোধোৱা মলিয়ন চাৰ্টটো ঠিক কৰিছিলো, সদায় কলেজত পিন্ধি যোৱা হাৱাই চেণ্ডেল যোৰৰ ফালে চাই ভাবিছিলো আজি যদি এযোৰ ব্ৰেণ্ডেড্ জোতা পিন্ধিব পাৰিলো হয় !
সেইদিনা ফিজিক্স লেবত সোমাই মন বহা নাছিল, মোৰ বাৰে বাৰে মনলৈ আহিছিল সেই ধুনীয়া চকুযুৰি, বতাহত উৰি থকা চুলিটাৰি । নিউটন- অাইনষ্টাইনৰ থিয়ৰিবোৰ ভাল লগা নাছিল সেইদিনা, মনটো উৰি ফুৰিছিল ইকনমিক্স, পলিটিকেল, ইংৰাজী সাহিত্যৰ ক্লাছত, ৰপম নম্বস ১০, ১২ কিম্বা ২১ লৈ ৷
কলেজ কেণ্টিনৰ আগৰ গছ জোপাৰ তলত বন্ধুৰ সৈ'তে আড্ডা মৰাৰ চলেৰে চাইছিলো তাইলৈ, লিওনাৰ্ড দা ভিন্সিৰ মনালিছাৰ দৰে লাগিছিল তাইক কেতিয়াবা; তাইও ঘূৰি চাইছিল, নিস্তেজ হৈ পৰিছিলো মই । মন গৈছিল তাইৰ দুহাতত হাত থৈ কবিতাৰ বৰষুণত তিতিব ।
ভৰ দুপৰীয়ালৈ শুই নুঠা ল'ৰাজন ন- বজাতেই উপস্থিত হৈছিলো কলেজত, এটাই আশা এবাৰ তাইৰ চকুলৈ চোৱা ।
এনেদৰে এক আত্মীয়তা গঢ়ি উঠিছিল তাইৰ স'তে, দুচকুৰ মিলনত বহু কথাই আদান- প্ৰদান হৈছিল; চিগাৰেটৰ ধোৱাৰে উজাগৰী নিশা কটোৱা, হুইস্কিত মাতাল ল'ৰাটো দুৰন্ত প্ৰেমিক হৈ পৰিছিলো । কাল ধুমুহাত হঠাতেই নিঃশেষ হৈ গ'ল মোৰ মৰমৰ সেই প্ৰেম, সেই ধুনীয়া চকুযুৰি । মাথো হৃদয়ত ৰৈ গ'ল এটি শব্দ কুৱলী বৰুৱা । কুৱলী বৰুৱা মোৰ বাবে মাথো এটি নাম নহয়, এক জীয়া আৱেগ !
ঠিকনাঃ বকো ৷








