শিক্ষা শব্দটো মনলৈ আহিলেই অনুভৱ হয় কিবা এটা যেন এৰিব নোৱাৰা বস্তু যাৰ জহত আমি এই জটিল যুগতো দপদপাই আছো বা তাল মিলাই চলিব পাৰিছো । সৌ মহাকাব্যিক যুগৰে পৰা শিক্ষাৰ মৰ্যদা চলি আহিছে আৰু ভৱিষ্যতেও থাকিব । শিক্ষা সম্পৰ্কে মহা মহন্ত মণীষিয়ে বিভিন্ন সংজ্ঞা আৰু কথা কৈ গৈছে । এইখিনিতে এটা কথা উল্লেখ কৰা ভাল যে অতীজৰ শিক্ষাৰ ৰূপৰ লগত সাম্প্ৰতিক সময়ৰ শিক্ষাৰ আকাশ- পাতাল প্ৰভেদ আছে ।
শিক্ষা শব্দটো লেটিন ভাষা E (য'ৰ পৰা) আৰু Duco (মই আগবাঢ়ো) ৰ পৰা উৎপত্তি হৈছে । আকৌ কোনো কোনোৱে লেটিন শব্দ "Educare" (বৃদ্ধি কৰা, বিকাশ কৰা, উন্নতি কৰা) ৰ পৰা উৎপত্তি হোৱা বুলি কয় ৷
শিক্ষা এক জীৱনজোৰা প্ৰক্ৰিয়া । জন্মতেই শিশু এটাই একো শিকি নাহে । লাহে লাহে ঘৰ, পৰিৱেশৰ পৰা আহৰণ কৰে কেনেকৈ কি কৰিব লাগে । পিছত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে। মাতৃ হ'ল প্ৰথম শিক্ষক । মাকৰ পৰা ভাল- বেয়া, আচাৰ- ব্যৱহাৰ শিকে । সেয়ে শিশু এটাক গঢ় দিওঁতে সাৱধান হ'ব লগা হয় । বিশেষকৈ বৰ্তমান সময়ৰ দৰে জটিল ক্ষণত সকলো কথা চালিজাৰি চাই শিকাবলগীয়া হৈছে ।
শিক্ষাৰ বিষয়ে বহু শিক্ষাবিদ বা মণীষিয়ে বিভিন্ন সংজ্ঞা দি গৈছে- প্ৰায় ভাগৰে দৃষ্টিভংগী প্ৰায় একেই ৷ স্বামী বিবেকানন্দই কৈছিল- "মানুহৰ অন্ত নিহিত পূৰ্ণতাৰ বাহ্যিক বিকাশেই হ'ল শিক্ষা ৷"
"Family is the original starting point of education"
"One Man is educated only one person is educated; but one girl is educated a Society is educated."
এনেদৰে দিয়া হৈছে শিক্ষাৰ সংজ্ঞা । পুৰণি শিক্ষা পদ্ধতিত গুৰু- শিষ্যৰ সম্পৰ্ক আছিল অভূত পূৰ্ব। সেয়া যেন কিছু পৰিমাণে ম্লান হৈছে । গুৰু গৃহত থাকি গুৰু তথা তেওঁলোকৰ গৃহ পৰিচৰ্যা কৰি শিক্ষা লাভ কৰিছিল ।মহাভাৰতৰ যুগত কৌৰৱ- পাণ্ডৱে গুৰু দ্ৰোনাচাৰ্যৰ তলত শিক্ষা গ্ৰহণ কৰোঁতে সকলো কাম কৰি যুদ্ধ বিদ্যা লাভ কৰিছিল ।
এই লেখাটো লেখাৰ দুদিনমান আগত এখন ব্যক্তিগত মাধ্যমৰ বিদ্যালয়ৰ সভা এখনলৈ গ'লো। গাৱঁৰ বিদ্যালয় যিহেতু পইচা তুলনামূলক ভাৱে বহু কম। বহু অভাৱ আছে -- নকলেও সকলোৰে জ্ঞাত।
বিদ্যালয়ৰ প্ৰধান জনে প্ৰসংগ এটাত বিজ্ঞান সঁজুলি আৰু বিজ্ঞানাগাৰ আৰু স্মাৰ্ট ক্লাছ ৰুম( smart class room) ৰ কথা ক"লে।
হয় বৰ্তমান বিজ্ঞানৰ যি দ্ৰুত হাৰত সলনি হৈ আছে এইবাৰ সুবিধা বিদ্যালয় এখনত অতি দৰকাৰ ।
এনে বিষয়টোৰ আঁত ধৰি চমুকৈ কৈছিলো --
বিজ্ঞান সঁজুলি আৰু শিকন- শিক্ষণ সামগ্ৰী আমি কম খৰচটো বনাব পাৰো। খৰচ কৰিব পাৰিলে সন্দেহ নাই উন্নত সঁজুলি হ'ব কিন্ত সাধাৰণ ৰাইজে বহন কৰিব ক্ষমতাৰ ভিত্তিত হ'লে ভাল হয়। অৱশ্যে এই ক্ষেত্ৰত চৰকাৰৰ গুৰুত্বৰ কথা আহি পৰে ।
'Home is the original staring point of education .' ঘৰখন শিশুৰ শিক্ষাৰ কঠীয়াতলী। সঁচাকৈয়ে ঘৰ এখনে জন্মৰ পৰাই শিশুৰ লগত ছাঁৰ দৰে থাকি ভিন ভিন কথা - বতৰা , আচৰণ আদি শিকায়। কুমলীয়া বাঁহ সহজে ভাঁজ কৰিব পৰাৰ নিচিনাকৈ শিশুটিক যেনেদৰে গঢ় দিয়া হয় তেনেদৰে গঢ় লয়।
শিক্ষা জীৱনৰ চালিকা শক্তি । এইখিনিতে এটা প্ৰশ্ন হয় বিভিন্ন ডিগ্ৰী লাভ কৰিলে শিক্ষিত হ'বনে?? এটা সহজ উত্তৰ দিব নোৱাৰা প্ৰশ্ন । এটা কথা ঠিক যে সাধাৰণ ভাৱে উচ্চ শিক্ষা অৰ্থাৎ ডিগ্ৰীয়ে চাকৰিয়ে হওঁক বা সমাজত স্থান লাভত সহায় কৰে আৰু এনে ডিগ্ৰী লাভৰ বাবে আনুষ্ঠানিক শিক্ষা লাভৰ প্ৰয়োজনীয়তা আহি পৰে ।
শিক্ষাৰ এই চতুৰ্ভূজ সদৃশ চাৰিটা বাহুৱে আধুনিক শিক্ষাৰ ভেঁটি ।
শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যই যদি উৎপাদনমুখী আৰু স্বাৱলম্বী কৰি তুলিব নোৱাৰে তেতিয়াহ'লে ইয়াক সম্পূৰ্ণ শিক্ষা বুলিব নোৱাৰি । আজি আমি সমাজত বহু ডিগ্ৰীধাৰী লোক দেখা পাইছো যি সকলৰ কিন্তু সমাজলৈ একো অৱদান একো নাই । ইয়াৰ মূলতঃ ত্ৰুটিপূৰ্ণ শিক্ষা পদ্ধতি । গান্ধীজীৰ বুনিয়াদী শিক্ষাই এই লক্ষ্য - উদ্দেশ্যই সামৰি লৈছিল । আমাৰ দেশত কৃষি বিশ্ববিদ্যালয় আছে কিন্তু কৃষিৰ বিহু ব্যৱহাৰিক জ্ঞান বেছি ভাগৰে নাই । ইলেক্ট্ৰিক ইঞ্জিনীয়াৰ বহু খৰচ কৰি পঢ়ুৱা হয় কিন্তু এইটো অপ্ৰিয় হ'লেও সত্য যে বিদ্যুতৰ কাম প্ৰায় ভাগেই নাজানে -- আৰু আচৰিত কথা এইটো যে এই কামত expert হয় লিখা পঢ়া ভালদৰে নজনা বিশেষ ব্যক্তি সকল। কিয় এনে হ'ল বুজি নাপাওঁ ।
আমাৰ দেশত শিক্ষা সংস্কাৰ আইন কিমান হ'ল ঠিক নাই -- তথাপি এতিয়াও বহু লোক অশিক্ষিত বা অৰ্ধ শিক্ষিত ।
সাধাৰণতে মনত তোলপাৰ কৰা কথা হ'ল শিক্ষা গ্ৰহণ আৰু দানৰ লগত ছাত্ৰ আৰু শিক্ষকৰহে সম্পৰ্ক আছে নেকি ? এটা কথা ঠিক যে আনুষ্ঠানিক শিক্ষাত শিক্ষক আৰু ছাত্ৰৰ ওতঃপ্ৰোতঃ সম্বন্ধ আছে । ছাত্ৰৰ সম্পৰ্ক আকৌ অভিভাৱকৰ লগত । পৰিবেশ ভাল নহ'লে শিক্ষাই পূৰ্ণতা নাপায় । এটা সৰু উদাহৰণ দাঙি ধৰা হ'ল--
এজন ছাত্ৰৰ মেট্ৰিক পৰীক্ষা চলি আছে । কাষত এঘৰে খুব ডাঙৰকৈ loud speaker বজাই আছে । সহজে অনুমেয় পৰিবেশ কিমান প্ৰদূষণ হৈছে আৰু পৰিক্ষাৰ্থী জনৰ পঢ়াত কিমান বাধা আহিছে । এনে বহু উদাহৰণ আহি পৰে ।
শিক্ষা হ'ব লাগে যুগ সাপেক্ষ। সেই হিচাপে বৰ্তমান যুগ হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা
আমাৰ এটা ভুল ধাৰণা আছে আধুনিক মানে নতুন- অৰ্থাৎ শিক্ষাই কেতিয়াও এটা নিৰ্দিষ্ট বয়স বা সীমা সামৰি লব নোৱাৰে - সেয়ে কোৱা হয় শিক্ষা এক জীৱন ব্যাপী চলা এক প্ৰক্ৰিয়া ।
এইটো সত্য যে শিক্ষাৰ যি মৰ্যদা ই সদায় থাকিব । শিক্ষাই জীৱনৰ ভেঁটি স্বৰূপ ।বস্তু বাদী বা ভোগবাদী পৃথিৱীত নিজকে প্ৰতিষ্ঠা কৰিবলৈ শিক্ষা লাভ অনিবাৰ্য। মৌখিক ভাৱে চলি অহা " যোগ্য ভোগ্য বসুন্ধৰা"ৰ পৰা ডাৰউইনৰ মতবাদেও এই কথাকে সোৱৰাই দিয়ে ।
দুদিনমান আগত এজন শিক্ষকে দুখত কোৱা শুনিলোঁ বোলে শিক্ষা ব্যৱস্থাত যিমানেই পৰিৱৰ্তন কৰা নহওঁক কিয় বৃটিছৰ পিছৰ সংশোধনী নীতি এতিয়াও বলৱৎ হৈ আছে ।
আন এটা দুখৰ বিষয় হ'ল মাতৃভাষাৰ মাধ্যমৰ প্ৰতি বীতস্পৃহা। কিয় এনে হৈছে চালিজাৰি চাবৰ সময় উকলি গ'ল কিন্তু চোৱাটো অত্যন্ত জৰুৰী হৈ পৰিছে । মাতৃভাষাৰ মাধ্যমত শিক্ষা গ্ৰহণ কৰিলে বুলিয়েই যে ইংৰাজী , হিন্দী আদি ভাষা জানিব নালাগিব তেনে কথা নহয় । বহু ডাঙৰ ডাঙৰ শিক্ষাবিদেও মাতৃভাষাৰ মাধ্যমত শিক্ষা গ্ৰহণ কৰিলে বেছি ফলপ্ৰসূ হয় বুলি মত পোষণ কৰি গৈছে ।
শিক্ষাৰ বিষয়ে যিমান লিখিলেও শেষ নহয় । কাৰণ শিক্ষাৰ কোনো শেষ নাই , আদিও নাই । শিক্ষিত হৈ কোনো নজন্মে। বিভিন্ন কাৰকৰ ক্ৰিয়াৰ ফলত শিক্ষা পোৱা যায় ।
প্ৰান্তত এটা কথাই কব খোজো যে আমি যদি নিজকে এই জীৱন যুদ্ধত জয়ী হ'ব বিচাৰো শিক্ষা অনিবাৰ্য। শিক্ষা অবিহনে দেশ বা জাতি কোনো উধাব নোৱাৰে ।
ঠিকনাঃ ৰঙিয়া








