শাৰদী কোমল
জোনাক মায়াৰে
মন উতলা কৰে
.
শৰত, মন কমোৱা তুলাৰ দৰে উৰি যোৱা ঋতু শৰত ৷ ঋতুৰ ৰাণী শৰত ৷ গ্ৰীষ্মৰ উত্তাপক বিদায় দি শৰতক আদৰণি জনোৱা ঋতু শৰত ৷ তাৰেই উমান শৰতৰ পুৱাৰ বতাহজাক ৷
শৰত মানেই যেন শ্যামল ধৰণ, জ্যোৎস্নাময়ী চন্দ্ৰাৱলী, সৌন্দৰ্যৰ মধুৰ মাধুৰী ৷ শৰতৰ ৰিব ৰিব মলয়াৰ মধু লহৰত বংশীৰ বুকুত পঞ্চম সুৰৰ মূৰ্ছনা তুলি আত্ম বিভোৰ হয় বৰ্ণমালী ৷ শেৱালি ফুলৰ মধুৰ সুবাসে দিয়ে আমাক শৰত অহাৰ বতৰা ৷ নিশাৰ আন্ধাৰৰ সুযোগ লৈ ফুলা আমোলমোল গোন্ধেৰে সুবাসিত শেৱালি ফুলে ৰাতিপুৱা চোতালৰ দুৱৰী ডৰাৰ দলিচাত বুটা বাছে ৷ শৰত কালৰ তৰা ভৰা আকাশৰ স্নিগ্ধ জোনাক নিশা শেৱালি ফুলৰ সুবাসে মন মতলীয়া কৰি তোলে সকলোৰে ৷ সেয়ে গীতিকাৰে হয়তো লিখিছিল-
আমোলমোল শেৱালি গোন্ধ
যাওঁ বুলি যাবই নোখোজে চোন (লোকনাথ গোস্বামী)
শাৰদীয় ৰাণীৰ প্ৰেমত পৰা সেউজীয়া দুৱৰীৰৃ বনে নিয়ৰৰ কণিকা শিৰত লৈ কোনো অচিন পথিকক জোকায় ৷ যাৰ বাবে সেই পথিকে মৰমৰ প্ৰেয়সীজনীক শৰতৰ সম্ভাষণ জনাবলৈ এপাহি শেৱালি ফুল হাতত দিবলৈ বাধ্য হয় ৷ শাৰদীয় ৰাণীৰ প্ৰেমত পৰিয়েই হয়তো সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱে গাইছিল-
শাৰদী ৰাণী তোমাৰ হেনো নাম
তুমি মোৰ নিচেই আপোন
সদ্যস্নাতা ৰূপহী মোৰ,
পুৱতি নিশাৰ সপোন
শৰতৰ আগমনত প্ৰত্যেকৰে মনৰ বাগিচাত ফুলি উঠে আশাৰ পাপৰি ৷ আচ্ছাদিত হৈ উঠে মন গহণৰ সীমনা ৷ উজলি উঠে হিয়াৰ মণিকোঠা ৷ চঞ্চল হৈ উঠে হেঁপাহৰ দুচকুৰ মণি ৷
ইফালে নীল আকাশত কপাহ কোমল শুকুলা ডাৱৰৰ অহা- যোৱা ৷ নিষ্পাপ পবিত্ৰ কোলাহল কৰি ডাৱৰৰ মাজেৰেই ডেউকা মেলি দূৰ দিগন্তৰ দিশে উৰি যায় এজাক শৰালি নাইবা এজাক বগলী ৷
শৰত মানেই কঁহুৱা ৷ লুইতৰ বালিচৰত হালি জালি কঁকাল ভাঙি নচা কঁহুৱা বনে আমাৰ মনত আনন্দৰ জোৱাৰ তোলে ৷ কবি ৰঘুনাথ চৌধাৰীৰ মতে-
লুইতৰ পাৰে পাৰে কঁহুৱা ফুল
ঢৌৱে ঢৌৱে ঢৌ খেলি
তুষাৰ ধৱলকান্তি কৰিছে বিপুল
যেন সুৰ তৰংগিনী পুলকে আকুল ৷
শৰতৰ আগমনত জীপাল হৈ উঠে প্ৰকৃতিৰ বুকু ৷ সুবাসিত হৈ উঠে চৌদিশ ৷ গাভৰু হয় কৃষকৰ জীয়ৰী ধাননি পথাৰ ৷ বোকাৰ শালিতলি ৰূপান্তৰিত হয় সজাল ধৰা ধাননি পথাৰলৈ ৷ বালিমাহীৰ নাচোনত খহিপৰে বালিচন্দা ৷ শেৱালিৰ শুভ্ৰতাত তৰুণ হৈ পৰে মন প্ৰাণ ৷ শৰতৰ পূৱাৰ পৰাণে সিঁচি দিয়ে প্ৰেৰণাৰ নতুন মন্ত্ৰ ৷ ধন্য হয় মানৱ হৃদয় ৷ শৰত মানেই আশাৰ বতৰা ৷ কিয়নো-
শেষ হৈ গ'ল
লব্ধ আকাশৰ হিংস্ৰ উৎসৱ
উখল মাখল পথাৰত এতিয়া বলিছে সেউজীয়া ঢল ৷ -হীৰেন ভট্টাচাৰ্য
ৰং সলনি হয় সকলোৰে, সেউজীয়াৰ পৰা ৰূপোৱালী, ৰূপোৱালীৰপৰা সেউজীয়া ৷








