"আগবাৰী শুৱনি কাকিনী তামোল
পিছবাৰী শুৱনি পাণ
বৰঘৰ শুৱনি গাভৰু ছোৱালী
উলিয়াই দিবলৈ টান ।"
সঁচাকৈয়ে ঘৰ এখন এজনী ছোৱালীয়ে যিদৰে শুৱনি কৰে তাৰ বিপৰীতে ছোৱালী নোহোৱা ঘৰ এখন আনখন ঘৰতকৈ অলপ হ'লেও ম্লাণ ।
দহমাহ দহদিন গৰ্ভত লৈ এগৰাকী মাতৃয়ে এটি সন্তান জন্ম দিয়ে । তাৰ পিছত অতি কষ্টেৰে কন্যা শিশুটি জন্ম হোৱাৰ লগে লগে প্ৰতি গৰাকী মাতৃয়ে ভাৱে যে ছোৱালীজনী এদিন আনৰ ঘৰলৈ ওলাই যাব ।
''আহঁতে সলালে পাত
আমাৰ আইদেৱে বৰণটি সলালে
ল'লে ৰঙা ৰিহা গাত ।"
আগ বাৰিষাৰ ন- পানীয়ে চকুৰ আগৰ উকা মাটিতে ভূঁই চপা ফুলায় । শীতৰ উদং ডাল ফাগুনৰ যাদু লাগি ৰং আৰু সুৰভিৰে মায়াময় হয় । যৌৱনৰ আগলি বতাহে গাত কাপোৰ নোলোৱা আইটিজনীৰ মনত অচিনাকি আউল লগায়, দেহত গোপনে- গোপনে আহি পদুম ফুলায় । চকুত হীৰা কি মুকুতা জ্বলায় । নদীৰ স্থিৰ পানী যেন টলমল কৰি উঠে । চকুত অবুজ ভাবৰ লুকাভাকু হাত- ভৰিত জিলিকি উঠা লাৱণ্যলৈ চকু ফুৰায় মাক পৰিয়ালৰ সকলো চমকি চমকি উঠে । একোৰে উমান নোপোৱা, ফ্ৰক পিন্ধি দৌৰি- ঢাপৰি ফুৰা বাৰ-তেৰ বছৰীয়া ছোৱালীজনী এদিন পুষ্পিতা হয় ।
তাৰ পিছত ছোৱালীজনী ডাঙৰ হৈ অহাৰ লগে লগে পঢ়াই- শুনাই উপযুক্ত কৰি এজন ভাল উপযুক্ত পাত্ৰক গতাবলৈ প্ৰত্যেকজন মাক- দেউতাকে আশা কৰে । কাৰণ সেইটো তেওঁলোকৰ পিতৃ- মাতৃ হিচাপে কৰ্তব্য আৰু দায়িত্বৰ ভিতৰত পৰে । বিয়া দিয়াৰ ঠিক আগ মুহূৰ্তত প্ৰতি গৰাকী মাক- দেউতাকে নিজৰ ছোৱালীজনীক কয় এইদৰে- আই, আজিৰ পৰা স্বামীৰ সুখেই সুখ, স্বামী আৰু স্বামী গৃহৰ সুখ- সন্মানেই তোৰ সুখ । সেই ঘৰৰ সন্মান ৰক্ষা কৰাই হ'ল তোৰ ধৰ্ম আৰু ছোৱালীজনীয়ে নিজৰ মৰমৰ ঘৰখন এৰিব ল'গাৰ দুখত দেউতাকক উদ্দেশ্য কৰি কান্দি কান্দি কয়-
" কাম চৰাইৰ ৰঙা ফুট
দেউতা অ' দূৰলৈ নিদিবা মোক ।"
হোমৰ গুৰিত অগ্নিক সাক্ষী কৰি এইদৰে ক'ব লগা হয় । জীয়ৰী জীৱন বিদায় দি আঁকোৱালি ল'ব লগা হয় পৰম্পৰাগত ভাৱে চলি অহা বিবাহ নামৰ সম্পৰ্কটিত । অৱশ্যে এইটো ঠিক যে কন্যা জন্ম হোৱাৰ দিনাই পিতৃ- মাতৃয়ে স্পষ্টকৈ জানি লয় কণমানি মৰমৰ ছোৱালীজনী ডাঙৰ হৈ এদিন জন্মগৃহ এৰি গুচি যাব চিৰদিনৰ বাবে আন এখন ঘৰৰ বোৱাৰী হৈ, এজন পুৰুষৰ পত্নী হৈ । সেইখন ঘৰত থাকি অচিনাকি পৰিৱেশ, অচিনাকি মানুহ, কিছুমান জীৱনৰ বাবে লগ পোৱাৰ দৰে লগ পাব অচিনাকি বহুতো সুখ, দুখ-সংঘাত ৷
কিমান কল্পনা, বিশ্বাস বহুতো হেঁপাহৰে এজনী ছোৱালীয়ে এখনি সংসাৰ কৰিবলৈ জন্মগৃহ এৰি নিজ পিতৃ- মাতৃৰ বুকুৰ পৰা আঁতৰি এটা নতুন জীৱনক আঁকোৱালি লয় প্ৰত্যেকজনী ছোৱালীৰ পিতৃ- মাতৃয়ে নিজৰ সন্তানটিক কিয় এজন ল'ৰালৈ বিয়া দিয়ে ? নিজৰ ছোৱালীজনীক তেওঁলোকৰ বুকুৰ মাজৰ পৰা আঁতৰাই দিয়াৰ পাছত সেই ল'ৰাজনকেই
অভিভাৱক হিচাপে দায়িত্ব দিয়ে আৰু গোটেই জীৱন সুখে- দুখে লগৰী হিচাপে থাকিবলৈ গটাই দিয়ে । স্বামী গৃহৰ পৰিয়ালে নানান প্ৰতিশ্ৰুতি দি ছোৱালীজনী বিয়া কৰাই লৈ আনে । কিন্তু তাৰ পাছত কি হয় বেছিভাগ ছোৱালীৰ ক্ষেত্রত ? বাস্তৱত কেইজনী ছোৱালী বাৰু প্ৰকৃততে কেইজনী ছোৱালীয়ে বোৱাৰী জীৱনত সুখী হয় । প্ৰতি পদে পদে বোৱাৰী জীৱনত নাৰীয়ে ঘাত- প্ৰতিঘাতৰ হে সন্মুখীন হয় বেছিকৈ ।
এজনী ছোৱালী বোৱাৰী হৈ ঘৰ সোমোৱাৰ দিনৰ পৰাই গঢ়ি উঠে এক নতুন সম্পৰ্ক, যিয়ে শাহু- বোৱাৰী সম্পৰ্কটোক মহত্ব প্ৰদান কৰে । শাহু গৰাকী বহু অভিজ্ঞ, নিজে বোৱাৰী হৈ পৰিয়ালৰ বংশ আগবঢ়াইছে, সকলোৰে বাবে বহুতখিনি ত্যাগ স্বীকাৰ কৰিছে । তেওঁৰ সন্মুখত বোৱাৰী গৰাকী হ'ল জীৱনৰে ভৰপূৰ এজনী যুৱতী, যি নিজৰ আশা- আকাংক্ষাৰ টোপোলা লৈ এখন ঘৰ সোমায় । প্ৰতিজনী শাহুৱে ভাবিব লাগে যে নিজৰ জী জনীক যেনেকৈ তুলি- তালি ডাঙৰ দীঘল কৰিছে সেই বোৱাৰীজনীকো তাইৰ মাকে
ঠিক তেনেকৈ ডাঙৰ কৰিছে (বোৱাৰী জনীয়ো শাহুৱেকক নিজৰ মাৰ দৰে ভাবিব পাৰিব লাগিব) ৷ কিছুমান শাহু আছে যি নিজৰ ল'ৰাটোলৈ বোৱাৰী আনিবলৈ উৎপাত কৰে আৰু ছোৱালীজনীক সকলো ফালৰ পৰা উপযুক্ত দেখি ছোৱালীৰ পৰিয়ালক বিভিন্ন প্ৰতিশ্ৰুতি দি জোৰ- জবৰদস্তি সন্মতি আদায় কৰে অভিনয় কৰি । যিহেতুকে বোৱাৰী গৰাকীয়ে তেওঁৰ আগত মৰমৰ ঘৰখন এখন নতুন ঘৰত, নতুন পৰিৱেশত, নতুন মানুহ বোৰৰ সৈ'তে খাপ খাবলগীয়াত পৰে, তেনেস্থলত অভিজ্ঞতা পুষ্ট শাহুৱেক গৰাকীয়ে প্ৰতিটো ক্ষেত্রতে নিজৰ জীয়ৰী গৰাকীতকৈও বোৱাৰী গৰাকীহে বেছি গুৰুত্ব দিয়া উচিত । কাৰণ তেওঁ এবাৰ ভাবি চোৱাটো প্ৰয়োজনীয় যে তেওঁৰ জীয়ৰী গৰাকীও এদিন আনৰ ঘৰত বোৱাৰী হৈ যাব আৰু তেওঁৰ লগত বোৱাৰী জনীয়ে গোটেই জীৱন সুখে- দুখে জীৱনৰ লগৰী হিচাপে থাকিব । তাকে নুবুজি শাহু গৰাকীয়ে বোৱাৰী জনীক সেই নতুন ঘৰখনত ভৰি দিয়াৰ পিছৰে পৰাই মানসিক নিৰ্যাতন আৰম্ভ কৰে, উদাহৰণ স্বৰূপে- কিছুমান ঘৰুৱা কথাত, নতুন বোৱাৰী জনীয়ে যদি অজানিতে ঘৰখনৰ নীতি- নিয়মৰ অলপ ইফাল- সিফাল কৰে, তেনেহ'লে হৈ গ'ল তাইৰ ওপৰত মানসিক নিৰ্যাতন । বোৱাৰী জনীয়ে যদি চাকৰি বা ব্যৱসায় বাণিজ্য আদি কৰি নিজকে আত্মনিৰ্ভৰশীল কৰিব খোজে ইত্যাদি ।
কিছুমান শাহু আছে বোৱাৰী গৰাকীৰ আগত নিজৰ জীজনীৰ লগত ইটো দিলো - সিটো দিলো, অমুকটোৰ ইমান দাম, তমুকটোৰ ইমান দাম ইত্যাদি ইত্যাদি । এনেবোৰ কথা কোৱাৰ ফলত বোৱাৰী জনী তেওঁৰ আগত হেয় হৈ পৰিব পাৰে । যিহেতু শাহু গৰাকীয়ে বোৱাৰীজনীৰ লগতেই মৃতুলৈকে চলিব লাগিব । কিন্তু তাকে নুবুজি বোৱাৰীয়ে লগত অনা যৌতুকৰ পৰাও মানসিক তথা শাৰীৰিক নিৰ্যাতন দিয়ে । অৱশেষত কিছুমান বোৱাৰীয়ে সেইখন ঘৰৰ মায়া- মোহ ত্যাগ কৰি প্ৰাণৰ ভয়ত নিজ মাতৃ গৃহক আঁকোৱালি ল'ব লগা হয় । কেতিয়াবা এনেকুৱা পৰ্যন্ত উদাহৰণ আছে- বোৱাৰীজনী ২- ৩ বছৰ মাতৃ গৃহত থকাৰ পিছতো সেই হিংস্ৰ প্ৰকৃতিৰ, কঠোৰ হৃদয়ৰ শাহু গৰাকীয়ে নিজৰ ল'ৰাটোক বেয়া বুদ্ধি দি এইদৰে মন্ত্ৰণা দিয়ে যে- তাই নিজে আহিলে আহিব, নাহিলেও নাই । তই তাইক আনিবলৈ নাযাবি । তোক বেলেগ এজনী বিয়া কৰাই দিম । এজনী বোৱাৰীক অৰ্থাৎ পত্নীক নিজৰ স্বামীৰ দ্বাৰা আঁতৰাই দুয়োৰে স্বামী- পত্নীৰ শেষ কৰি ল'ৰাক হাতৰ মুঠিত ৰখা তেনে ধৰণৰ শাহুবোৰ কেনে মানসিকতাৰ হ'ব পাৰে, প্ৰতিজন হৃদয় থকা ব্যক্তিয়ে হয়তো হৃদয়ংগম কৰিব পাৰিব ৷
ঠিকনাঃ বালিপৰা (শোণিতপুৰ)








