(এক)
জালুকবাৰী বাছ স্থানত নীলভক দেখি-
- অ’ নীলভ তই আচলতে গুৱাহাটীত কি ক'ৰ ? মানে কাম বোৰ কেনেকুৱা ?
- মানুহৰ মনৰ ডিজাইন কৰো । মানে ৰুমতে বহি এটা লেপটপ লৈ কিবা- কিবি লিখি থাকো, এতিয়া ভূতনাথতে আছো, আহিবা কেতিয়াবা ।
- কাম কাজৰ ভিৰ কেনেকুৱা ? মানে পাঠকে তোমাৰ ডিজাইনবোৰ পছন্দ কৰে নে ? বিৰক্তিকৰ কেলকুলেছন বিলাক নহয় জানো ? এই ধৰা তোমাৰ উপন্যাসত কিবা এটা কম অনুভৱ কৰে নেকি ? কেনেকৈ লাগি থাকিব পাৰ হা বুজি নাপাওঁ ?
- নহ'লে যে উপায় নাই, এই বিৰক্তিকৰ কাম বিলাকেই টো জীৱিকা এতিয়া । বাকী তোমাৰ খবৰ কোৱাচোন, চাকৰি কৰি কেনেকুৱা লাগিছে ? আজিকালি মৰিগাওঁত নহয় ।
- ভাল, ভাল ! মানে ঠিকেই আছে ।
(দুই)
অনুভৱে ফোন কৰিছিল নীলভক ৷ হঠাৎ বহুত দিনৰ পিছত তাৰ ফোন পাই মনটো ভাল লাগি গ’ল নীলভৰ । কলেজত সি অনুভৱৰ সিমান ঘনিষ্ঠ নাছিল । অভিজাত্যৰ গৌৰৱেৰে গৌৰৱান্বিত অনুভৱৰ বাবে নীলভ সিমান লেখৰ বন্ধু নাছিল ৷ গতিকে আজি সি ফোনত তাক তই সম্বোধন কৰিলেও সি কিন্তু তুমি সম্বোধনেৰেই কথা পাতিলে ৷ কিন্তু আজি হঠাৎ অনুভৱৰ ফোন । নীলভৰ বাবে এক অৰ্থত অপ্রত্যাশিত । কিয় জানো অজানিতে গুণ গুণ কৈ ভাল লগা গানৰ কলি এটা তাৰ মুখৰ পৰা ওলাই আহিল ৷ এইকেইদিন সি ভীষণ ব্যস্ত। এক কথাত মৰিবলৈও সময় নাই । নতুন উপন্যাসৰ কাম এটাত তেওঁ অতি ব্যস্ত হৈ পৰিছে । পূজাৰ আগে আগে কিতাপখন প্ৰকাশ কৰাৰ বহুত মন তাৰ । তিনি দিন আগতে পান বজাৰৰ পৰা কিতাপৰ নক্সাখিনি মেইল কৰি তালৈ পঠিয়াইছে ।লেপটপৰ পৰ্দাত জিলিকি আছে সপোনৰ উপন্যাসৰ বেটুপাতখন, সন্মুখ দৃশ্যটোত আকৌ এবাৰ চকু ফুৰালে সি ৷ দেখাত অতি মনোমোহা হৈছে ৷ কালি সি ফোন যোগে প্ৰকাশনৰ সৈ'তে কেবাবাৰো আলোচনা কৰিছে এই কথাটোক লৈয়ে ৷ সন্মুখ দৃশ্যটোত প্রভাৱ পেলাব পৰা কোনোধৰণৰ সাল- সলনি কৰিবলৈ তেওঁ ইচ্ছুক নহয় । বহুত কষ্ট কৰি তেওঁ বেটুপাতখন তৈয়াৰ কৰিছে ৷ তেওঁৰ পূৰ্বৰ সাতটা উপন্যাস ইতিমধ্যে বিভিন্ন নামজলা আলোচনীত প্ৰকাশ পাইছে ।
(তিনি)
- হেই নীলভ ! কি কৰি আছাহে ? অনুভৱৰ ফোন আজিও আহিল । আজি দুদিন মানৰ পৰা অনুভৱৰ ফোন তালৈ সঘনাই অহা হৈছে ৷ সি সেইটো সিমান গুৰুত্বপূৰ্ণ বুলি ভবা নাই । তথাপিও কিবা এটা নিশ্চয় আছে ৷
- কোৱাচোন
- মোক এটা সহায় কৰি দিয়ানা ৷
- কি সহায়, মানে কেনেকুৱা সহায়, অলপ খুলি কোৱানা ৷
- মানে আমাৰ প্ৰকাশনৰ ফালৰ পৰা দূৰ্গা পূজাত কেইখনমান কিতাপ ওলাব । তুমি মাথো উপন্যাসখন আৰু বেটুপাতখন ডিজাইনটো তোমাৰ লেপটেপত পুনঃ পৰীক্ষা কৰি সঠিক হৈছে বুলি দিব লাগে আৰু আমি তোমাৰ কিতাপখন সুন্দৰকৈ প্ৰকাশ কৰি দিম ৷ টকা লৈচিন্তা নাই ৷ তোমাক ৫০০ কপি কিতাপ ছপা কৰি দিম আৰু প্ৰফেছনেলী পে কৰিম বুজিছা আৰু আচলতে আমাৰ মাৰ্কেটিং বহুত ৷ কিন্তু আমাৰ মৰিগাওঁৰ মূখ্য বিভাগৰ কথাটো জানাই । শাৰদীয়ত কামবোৰ নকৰিলেই নহয় ৷ নীতি নিয়মৰ ক্ষেত্রত অলপো শিঠিলতা নাই ৷
- ঠিক আছে তুমি মোৰ ভূতনাথৰ সবিশেষ জনাই কোনোবা এজনক পঠাই দিবা ৷
- কোনোবা এজন মানে ? আমাৰ প্ৰকাশনৰ মালিক তথা অধ্যাপক এজনেই যাব ৷ তুমি তেখেতৰ নাম শুনিছাই চাগে’ ৷ অধ্যাপক কলিতা আচলতে তেখেতেই বৰ্তমান ৷ অসমীয়া সাহিত্যক ধৰি ৰাখিছে ৷ তুমি নিজে কৰিব লগা একো নাইয়ে আৰু পানবজাৰৰ প্ৰকাশনৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিব নালাগে ৷ তুমি এটা কাম কৰিবা, তেখেতৰ হাতত কপি ৰাইটৰ লেটাৰ, ১৬০০০ টকা আৰু কিতাপৰ ডি টি পিখন আদি দি পঠিয়াবা ।
- ঠিক আছে ৷ অনুভৱৰ মানসিকতা আজি কালি অলপ সলনি হৈছে নেকি ? নীলভক হিচাপৰ মানুহ বুলি ভবাহৈছে চাগে ৷ তাতে আজি ফোনত তইৰ পৰা তুমিলৈ পৰিৱৰ্তন ৷ হ'ব পাৰে, সময় সলনি হ’ল ৷ বি এছ চি সমাপ্ত হোৱাই আজি পাঁচ বছৰ হ’ল ৷ ইমান সময়, ধেমালি নহয় । পাঁচ বছৰত বহুত কিবা কিবি সলনি হয় ৷ তাৰ মনত পৰিল, কলেজত থাকোতে কেনেকৈ এবাৰ সি অনুভৱক সুবিধাবাদী বুলিয়েই খঙেৰে চোঁচা মাৰি গৈছিল ৷ কলেজত সিহঁত বন্ধু কেইটা অনুভৱক লগত ল'বলৈ মুঠেই ইচ্ছা নাছিল ৷ অতি কষ্টেৰে প্ৰজেক্টৰ কাম কৰা, তথ্য সংগ্রহ কৰা সিহঁতৰ তুলনাত কৌশিক আছিল পালমৰা স্বভাৱৰ ৷ এদিন তাৰ প্ৰজেক্ট ডায়েৰিখন চুৰ কৰি অনুভৱে পিছ দিনা ছাৰৰ আগত প্ৰজেক্টৰ কামৰ খতিয়ান দিওতে তাৰ খঙে মূৰৰ চুলিৰ আগ পাইছিল ৷ সেইদিনা বাকী দুজন নথকা হ'লে কথাহতে বিপৰীত হ’লহেঁতেন ৷ আলোচনী প্ৰকাশনে এইবাৰ পূজাত নীলভক বাইক এখন উপহাৰ দিয়াৰ কথা ৷ কালি আলোচনীৰ পৰিয়ালেও তাক তেনে এটা ইংগিতেই দিছে ৷ সি হে সুখী নহয় । তাক বাইক নালাগে । বাইক এখন ইতিমধ্যে আছেই ৷ সেই খনৰেই চলি যায় । মিছামিছি এইবিলাক বিলাসী বাইক তাৰ পচন্দ নহয় । এনেয়েও তাৰ পচন্দবোৰ অন্যতকৈ অলপ বেলেগ । তাক আচলতে সৎ উপায়েৰে ঘটা নগদ পইচা লাগে । তাৰ বহুত সপোন আছে । গঠন মূলক কামেৰে সম্পূৰ্ণ পেছাদাৰীত্বৰে উপাৰ্জিত ধনেৰে গাৱঁৰ একমাত্র ককায়েকৰ ঘৰটো সুন্দৰকৈ, মজবুতকৈ সজোৱা, গাৱঁত এটা লাইব্রেৰি সজোৱা, সি পঢ়ি অহা স্কুলখন ধুনীয়াকৈ সজাই দিয়া অজস্র লানি নিছিগা সপোন ৷ সপোনৰ শেষ নাই ৷
(চাৰি)
অনুভৱে পঠাই দিয়া অধ্যাপক কলিতা মানুহজন এদিন আহি তাক সবিশেষ জনাই লগ ধৰিলে ৷ নীলভে সসন্মানেৰে অধ্যাপক কলিতাক অভ্যৰ্থনা জনালে ৷ প্ৰকাশনৰ মালিক স্বাভাৱিকতেই দিব লগা সন্মান আৰু মৰ্য্যাদাখিনি দিয়াত সি অলপো কাৰ্পণ্য নকৰিলে। প্রাৰম্ভিক কথা- বতৰাৰ মাজে মাজে সি অনুভৱ কৰিলে অধ্যাপক কলিতা যেন ভিতৰি ভিতৰি কিছু অস্থিৰ । তেখেতৰ কথা- বতৰাৰ সুৰো অত্যন্ত সাধাৰণ মানদণ্ডৰ ৷ অধ্যাপক এজনৰ যি ধৰণৰ বৌদ্ধিক, বহল চিন্তাধাৰাৰ আভাষ তেখেতৰ ব্যক্তিত্বত জিলিকি থাকিব লাগে অধ্যাপক কলিতাৰ মুখ মণ্ডলত যেন সেয়া দুখ লগাকৈ অনুপস্থিত ৷ ক’ৰবাত কিবা এক অস্বস্তিকৰ বৈসাদৃশ্য, আশ্বৰ্য্যকৰ বৈপৰীত্য ৷ হ'ব পাৰে ! সকলো ব্যক্তি একে নহ'ব পাৰে ৷ কেৱল বাহ্যিক ভাবাৱেগক আশ্রয় কৰিয়েই অন্তিম সিদ্ধান্তত উপনীত হোৱাটো অনুচিত । আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণ উপন্যাসখন গভীৰ মনোযোগেৰে চাই উঠাৰ পিছত তাৰ চকুত ভালেমান ভুল ধৰা পৰিল । কোনো কোনো ঠাইত দুই এটা বানান ভুল, সি যথেষ্ট হতাশ হ’ল । ভিতৰি ভিতৰি বিৰক্তি অনুভৱ কৰিলে ৷
- ছাৰ আজি ডি টি পিটো মোৰ ইয়াতে থৈ যাওঁক ৷ মই এবাৰ নিৰলে মনোযোগেৰে অধ্যয়ন কৰি ল'ব লাগিব ৷ সি বিনম্ৰ ভাৱে অধ্যাপক কলিতাক অনুৰোধ কৰিলে ৷
- নাই নাই, মই আজিয়েই মৰিগাওঁ লৈ উভতিব লাগিব ৷ এইটো খুবেই আৰ্জেণ্ট ৷ আপুনি দয়া কৰি সোনকালে টকাখিনি খিনি দি দিয়ক ৷ মোৰ সময় বৰ কম প্লীজ ৷
- আৰে, আপুনি কিয় এনেকুৱা কৰিছে ? মিঃ অনুভৱতো আপোনাৰ বন্ধু ৷ চিন্তাৰ একো কাৰণ নাই ৷ আপুনি টকাখিনি দি দিলে দুটা পইচা আপুনিও পাই আৰু মোৰো লাভ হয় । নাই, নীলভক বতাহত ওপঙি অহা পইচা নালাগে । সি যিটো শুদ্ধ বুলি ভাবে সেইটোহে কৰে ৷ অধ্যাপক কলিতাৰ আগত সি স্পষ্ট ভাৱেই নিজৰ অপাৰগতা প্রকাশ কৰিলে । অধ্যাপক কলিতাৰ কথাৰ সুৰত শেষৰ ফালে এটা অনুনয়ৰ সুৰ বাজি উঠিল ৷ সি তাৰ স্থিতিত দৃঢ় হৈয়েই থাকিল ৷ অনুভৱে বেয়া পালেও উপায় নাই ৷ তাৰ নেৰানেপেৰা প্ৰচেষ্টাত অৱশেষত কলিতাক দিবলৈ বাধ্য হ’ল। অৱশেষত কলিতাৰ হাতত ডি টি পি আৰু টকাখিনি তুলি দিলে । কলিতা গুছি গ'ল ।
(পাঁচ)
বাইকখন লাখ টকীয়া উৰণীয়া সেঁতুৰ তলতে ৰখাই সি ফুটপাথেৰে পায়চাৰি কৰি আছে ৷ লগতে থকা ভাইটি ৰাজে পান বজাৰত সোমাইছে । কিবা এটা কিনিব।
- অ’ এইটো কমল নহয়নে ? পান দোকানীটোৰ কাষত বিমল মছলা পাগুলি পাগুলি মুখ ৰঙা কৰি আপোন মনে ৰৈ থকা সাধাৰণ চেহেৰাৰ প্রায় ডেৰ কুৰি বছৰীয়া ডেকাজনক তাৰ চিনাকি চিনাকি যেন লাগিল ৷ নীলভৰ একে গাৱঁৰে হয় ৷ কমল ! হয় সি ঠিক ধৰিছে ৷
- ঐ কমল ৷
- নীলভ দাদা ৷ কি খবৰ ? ভাল আপোনাৰ । বহুত দিনৰ পিছত ৷
- ভাল ভাল ৷ ক' চোন তোৰ খবৰ- বাতৰি ৷ ক’ত থাক আজিকালি ?
- খানা, মানে যোৰাবাটৰ ওচৰৰ থকা কিতাপ দোকানী এজনৰ তলতে কিবাকিবি কৰি থাকো ৷ আজি মালিকে ক’লে ব’ল পানবজাৰৰ পৰা এপাক ফুৰি আহিম । বচ্ ! আহি গ’লো ৷
- অ’ তই তেতিয়াহ’লে তোৰ মালিকৰ লগতহে আহিছা ।
- হয় হয় ৷ ৰ’ব দাদা সৌ ক’লা ৰঙৰ গাড়ী খনৰ কাষত মানুহজন দেখিছে, হাতত যে, ছিগাৰেট এটা লৈ আছে, তেওঁৱেই মোৰ মালিক । হাত খন ডাঙি কমলে দূৰৈৰ মানুহজনলৈ চাই আঙুলিৰে ইংগিত দিলে । নীলভ কমলৰ হাতৰ আঙুলিৰ দিশেৰে চাই পঠিয়ালে ৷ পৰম বিস্ময়ত তাৰ দুচকু বহলকৈ মেল খাই আহিল ৷ কমলে মালিক বুলি কোৱা মানুহজন দেখোন দুদিনমান আগতে তাক লগ ধৰিবলৈ অহা বন্ধু অনুভৱৰ সন্মানীয় অধ্যাপক কলিতা । ই কেনেকৈ হ'ব ? অধ্যাপক কলিতা মানে অধ্যাপক তথা প্ৰকাশনৰ মালিক নহয় নেকি ? দূৰৈৰ পৰা কলিতাই নীলভক দেখি মুখ ঘূৰাই যেন লুকাবলৈহে যত্ন কৰিলে ৷ নীলভহঁত থিয় হৈ থকা ঠাইখিনিৰ ওচৰতে খাবলৈ নোপোৱা, ছাল- ছিগা ফপৰা কুকুৰ দুটামানে কিবা টোপোলা এটা টনা- আজোৰা কৰি আছে ৷ ৰাজে এতিয়াও উভতি অহা নাই ৷ কমলে দোকান খনৰ পৰা তামোল এখন আনি তাৰ হাতত গুজি দিলে ৷
- বাৰু কমল ! ক' চোন এই কুকুৰবোৰৰ নেজবোৰ কেতিয়াবা চিধা হয়নে ? ইছ, দাদাইও যে কথা কয় আৰু ! কুকুৰৰ নেজ কেনেকৈ চিধা হ'ব ? কেতিয়াবা দেখিছে জানো ? কেতিয়াও নহয় ৷
(ছয়)
নীলভে পলমকৈ হ'লেও গম পাইছিল যে অনুভৱ আৰু কলিতা মানুহক ঠগায় খাই ফুৰে । কোনো প্ৰকাশন নাই সিহঁতৰ, অকল লেখকৰ টকাৰে কিতাপ ছপাই দিয়ে আৰু ৰাহি হোৱা টকাখিনি দুজনে ভাগ কৰি লয় । এয়াই আমাৰ সমাজ, কিছুমানে ভদ্ৰ মানুহৰ মুখা পিন্ধি বহুত বেয়া কামত লিপ্ত হয় ।
দূৰভাষঃ ৭০০২১৯৪৩৯৪








