মাজনিশাৰ নিস্তব্ধ পৰিৱেশ । ষ্টেচনৰ বেঞ্চত বহি আছো ৷ দুয়ো ভৰি অচল । মন অথিৰ- অবিৰ । ঠাণ্ডা দিন । ফিৰফিৰীয়া বতাহ এছাটিয়ে ঠাণ্ডা দুগুণে বঢ়াইছিল । যাত্ৰী পাতলীয়া । সকলো নিজকলৈ ব্যস্ত । মাজ নিশাৰ অখণ্ড নিৰ্জনতাৰ মাজত কোনেও কাৰো দুখ- সুখৰ খতিয়ান ল'বলৈ আহৰি নাই । দেখিছিলো - আঘোন মাহৰ সেই ঠাণ্ডাত কিছুমান মানুহ প্লেট্ ফৰ্মৰ মাজমজিয়াতে শুই পৰিছিল । গাত এখন পাতলীয়া মলিয়ন গৰম কাপোৰ লৈয়ে ইটোৰ কাষত সিটো শুই পৰিছিল দিনটোৰ ব্যস্ততাৰ পাছত শ্ৰান্তক্লান্ত ভাগৰুৱা দেহ- মন লৈ । পৃথিৱীত জীয়াই থকাটোৱেই যেন সিহঁতৰ একমাত্ৰ কাম্য ।
চাই আছো- এটা প্ৰস্তৰ মূৰ্ত্তিৰ দৰে । নিৰ্জনতাত ল'ৰা- ছোৱালীৰ মাতত মই লাল্ কাল্ টোপনিৰ পৰাহে যেন সাৰ পালো । দেখো ল'ৰা- ছোৱালী চাৰিটাৰ সতে মানুহ এগৰাকী ।
অনুমান কৰিছিলো মানুহ গৰাকী সিহঁত কেইটাৰ মাক । দীন- দৈন্যতাত সৰ্ব্বহাৰা হৈয়ে হয়তো নিশকতীয়া ল'ৰা- ছোৱালী কেইটাৰ স'তে তেনেদৰে ঘূৰি ফুৰিছে । দুটাৰ মাজত উৱলি যোৱা কাপোৰ এখনক লৈ কাঢ়া- আজুৰা । সিহঁত দুটাৰ গাত কাপোৰ নাছিল । তেতিয়ালৈকে ল'ৰা- ছোৱালী কেইটাৰ প্ৰতি মাকৰ ভ্ৰূক্ষেপ নাছিল । অভাৱে জুৰুলা কৰিয়েই হয়তো তাইৰ মাতৃত্বৰ মৰমকণো কাঢ়ি নিছিল । আন দুটাৰ গাত ফটা ছোলা ৷ হাতদুখনে বুকুখন সাবটি আছিল । বোধহয় ঠাণ্ডা লাগিছিল । এটা সময়ত মাকে শুই থকা মানুহবোৰৰ ফালে সিহঁত কেইটাক টানি নিছিল ।ভঙ্গিত ধৰিছিলো মাকে ঠিক শুবলৈ ইংগিত কৰিছিল । পকী মজিয়াৰ ওপৰত সিহঁত শুই পৰিছিল ৷ মাকে সিহঁত কেইটাৰ গাত ফটা কাপোৰখন মেলি দি নিজেও শুইছিল । এই দুৰ্বিসহ জীৱন, দাৰিদ্ৰতাৰ সৰ্ব্বগ্ৰাসী ৰূপত উপলব্ধি কৰিছিলো জীৱনৰ এটা নতুন ৰূপৰ, পৰিচিত হৈছিলো এক নতুন সত্যৰ । নিজৰ বিষমতাক, দূৰ্ভাগ্যক লৈ আৱেগিক হৈ থকা মনটো ক'ব নোৱাৰাকৈয়ে হেৰাই গৈছিল এই আৰ্ত সকলৰ মাজত । সেই মুহূৰ্তত এই অসহায় মানুহৰ মৰ্মবেদনাৰ তুলনাত মোৰ দুখ, বেদনাৰ কোনো অৰ্থ বিচাৰি পোৱা নাছিলো । জীৱনটোক ন'কৈ চাবলৈ, শিকিবলৈকে যেন মোৰ চকুত পৰিছিল সেই দুঃসহ ৰূপ । পৃথিৱীখন বিচিত্ৰ- বিস্ময়েৰে ভৰা । এই বিচিত্ৰতাৰ মাজত কোনেও কাৰো কথা ভাবিবলৈ অৱকাশ নাই । ৰসহ্যময় পৃথিৱীত এচাম মানুহে জীৱনটোক উপভোগ কৰিবলৈ গৈ হাজাৰ টকা ব্যয় কৰিছে, আন এচামে এসাঁজ ভাতৰ বাবেও হাবাথুৰি খাইছে । বিৰাট অট্টালিকা সাজি সোণৰ হেন্ দলিচা পাৰি কোনোবাই গভীৰ নিদ্ৰাত শুইছে, আশ্ৰয়হীন, বস্ত্ৰহীন এচামে এইদৰে শুই পৰিছে প্লেট্ ফৰ্মৰ মাজ মজিয়াত । জীৱনৰ কৰুণ কাহিনীবোৰ, যন্ত্ৰণাবোৰ যিমানে উপলব্ধি কৰিছিলো কথাবোৰ কিবা জটিল অংকৰ দৰে লাগিছিল ।
বুকুৰ কোনোবাটো স্তৰ যেন চেঁচা হৈ আহিছিল ।
ঠিকনাঃ সৰুপথাৰ








