সময়ত গৈ অলপ ৰব লগা হ'ল দিগন্তৰ । তাই অলপকৈ আহি পালে । ৰেষ্টুৰাণ্টত প্ৰায় সকলোৱে সিহঁতক চাই আছিল । দিগন্তই এইবোৰলৈ বেচি গুৰুত্ব নিদিয়ে । কোল্ড কফি খাব বাবে বুলি ৰেষ্টুৰাণ্টৰ ল'ৰা এজনক কৈ আনিব ক'লে আৰু সিহঁতে কথা পতাত লাগিল । কথাৰ মাজতে দিগন্তই ভালপোৱাৰ কথাতো সুধিলে । তাইও মনে মনে ভাল পোৱা হৈছিল যদিও তাইৰ কিছুমান কথাৰ বাবে ভয় লাগিছিল । কিন্তু দিগন্তক সকলো কৈ গ'ল- 'তাই দেহ ব্যৱসায় কৰা এজনী বেশ্যা । সৰুতে মাক বাপেক হেৰুৱাত অলপ পঢ়িছিল যদিও কোনো চাকৰি বা অন্য কিবা কাম পোৱাত সি যথেষ্ট নহয় । টকাৰ বৰ দৰকাৰ হৈছিল এসময়ত । বাপেকে লোৱা ধাৰৰ বোজাতো পাতলাবৰ বাবে । টকা খুজি কিছুমান ধনী ঘৰৰ মানুহৰ দুৱাৰলৈ বুলি যোৱা নহয় । কিন্তু কোনোৱে একো সহাৰি জনোৱা নাছিল । এদিন এজন মহাজনৰ ঘৰলৈ বুলি যোৱাত মহাজনে টকা দিব মান্তি হ'ল । কিন্তু এটাচৰ্তত । এৰাতি মহাজনৰ লগত শুব লাগিব । টকাৰ প্ৰয়োজন বৰ বেছি আছিল বাবে তাই নিৰুপায় হৈ মান্তি হ'ব লগা হৈছিল । সিদিনা পোৱা টকাও তাইৰ বাবে যথেষ্ট নাছিলবাবে তাই পুনৰ সেই মহাজনৰ কাষলৈ আৰু গৈছিল । মহাজনে টকা দিছিল সিদিনাও আৰু আন মানুহ দুজন মানৰ ঠিকনা দি সিহঁতৰ কাষলৈ বুলিও যাব উপদেশ দিছিল । প্ৰথম অৱস্থাত তাই ভয় লাগিছিল, লাজ লাগিছিল ৷ কিন্তু তাইও যেন নিৰুপায় । অত্যাধুনিক যুগৰ মানুহে নিৰুপায়, দুখীয়া মানুহক এনেকুৱা কৰিব পাৰে তাই সপোনতো ভবা নাছিল । বৰ্তমান যুগত টকাই সকলো আৰু তাইক টকাৰ প্ৰয়োজন থকা হেতুকে পিছলৈ এই লাজ, সন্মানলৈ ভ্ৰূক্ষেপ নকৰা হ'ল । দেহ ব্যৱসায়ত নামি পৰিল । সমাজত ভালনাম নহ'লেও তাই এটা বিশেষ নামৰে জনাজত হৈ পৰিছিল "বেশ্যা" ৷ মই এজনী বেশ্যা বুলি জনাৰ পিছতো যদি তুমি মোক ভাল পোৱা তথাপি মই নোৱাৰো তোমাৰ লগত সংসাৰ গঢ়িব ৷ মোৰ শিশু জন্ম দিব পৰা ক্ষমতা হেৰুৱাই পেলাইছো । মই নিজেই ডক্তৰৰ ওচৰলৈ গৈ অপাৰেচন কৰি আহিছো । কথাৰ মাজতে তাই উচুপি উঠিছিল । অলপ সময় দুয়োৱে একো মুখেৰে মাত বোল কৰা নাছিল । দিগন্তই মাথো তাইলৈ ৰ' লাগি চাই আছিল । দুগালে চকুলো বৈ আহিছিল । এনেতে ৰেষ্টুৰাণ্টৰ ল'ৰাজনে আহি কোল্ড কফি দি গ'ল । হাতত কফি লৈ দিগন্তই সুধিলে- ইমান কোনে সুধিছিল ? ভাল পোৱা নে নোপোৱা সেইটোহে সুধিছিলো । সেইটো কোৱা ।
ইমান সময় তল মূৰকৈ থকা গিতিকাই আচৰিত হৈ সুধিলে-
- কি ? কি সুধিছা তুমি ?
সি আকৌ কৈ উঠিল
- ভাল পোৱানে নাই কোৱা । ভাল পালেও মই তোমাৰ লগত সংসাৰ গঢ়িব নোৱাৰো । গিতিকাই যে ভাল পায় তাক, সেয়া বুজিব বাকী নাথাকিল তাৰ । তাইৰ চকুলো মুচি দি সি ক'লে-
- যদি সঁচাই ভাল পোৱা তেন্তে আমাৰ লগত ভগৱান থাকিব সদায় আৰু কোৱা চোন কিয় নোৱাৰো সংসাৰ গৈঢ়িব ? তোমাৰ পৰা কোনো ল'ৰা ছোৱালী মই আশা কৰিব নোৱাৰো বুলি ? তোমাৰ মা- দেউতাৰ মৃত্যুৰ পিছত তোমাৰ যি অসুবিধা হৈছিল, তুমি যেনেকৈ নিৰুপায় হৈ এইবোৰৰ মাজলৈ যাব লগা হৈছিল, কিছুমান মানুহে নিজৰ ল'ৰা ছোৱালীক সৰুতে অনাথ আশ্ৰমত এৰি যায় । তাৰ পৰাই আমি এজনী ছোৱালী আৰু এজন ল'ৰা তুলি ল'ম । মাক- বাপেকৰ মৰম দিম । আমাৰ মৰম- ভালপোৱা আমি শেষ হ'ব নিদিও । তাৰ মৰম ভালপোৱাৰ আগত যেন তাইৰ সেইবোৰ কথা অতি তুচ্ছ গিতিকাই বুজিব বাকী নাথাকিল । কিন্তু মনত এটা ভয় এতিয়াও বাহ লৈ আছে । যদি তাৰ ঘৰত কেনেবাকৈ গম পায় ! তেতিয়া কি হ'ব ? মা- দেউতাক কি বুলি মুখ দেখাম মই এইবোৰ গম পালে ? গিতিকাই সহজ ভাবেই সুধিলে ৷ "এইবোৰ ক'লেহে গম পাব, কিবা মিছা মাতিম দিয়া । কোনো এটা ভাল হওঁক বুলি কিবা মিছা মাতিলে সেইটো ভগৱানেও ক্ষমা কৰে । "দিগন্তৰ কথাত গিতিকাই আচৰিত হৈ ভাবিলে কোনোবাই এজনী ছোৱালীক ইমান কেনেকৈ ভালপাব পাৰে তাই সপোনতো ভবা নাছিল । কিন্তু মনে মনে কিয়বা তাইৰ ভয় লাগিছিল । "নাই মই নোৱাৰো, তুমি মোৰ পৰা বহুত ভাল ছোৱালী পাবা । যিমান যি হ'লেও মোৰ মনে নামানে, কিয়নো মই যে ঘুণীয়া । "বুলি কৈ গিতিকাই ৰেষ্টু্ৰাণ্টৰ পৰা ওলাই আহিল ৷ দিগন্ত, সি কি কৰিব একো বুজিব পৰা নাছিল । ৰেষ্টুৰাণ্টৰ ভিতৰতে অলপ সময় তেনেকৈ বহি থাকিল । গিতিকা যোৱাৰ সময়ত যাওঁ বুলি মাত এষাৰ দিছিল যদিও সি এষাৰ মাতো নিদিলে তাইক । মাথো তল- মূৰকৈ বহি থাকিল । অলপ পৰ তেনেকৈ থাকি ওলায় আহিল ৰেষ্টুৰাণ্টৰ পৰা । পকেটৰ পৰা ফোনতো উলিয়াই নিহাৰিকাক ফোন কৰিলে আৰু গধূলি লগ কৰিব ক'লে । কিয় বুলি সুধিছিল যদিও সি বিশেষ একো নকৈ লগ পালে সকলো কম বুলি ক'লে । নিহাৰিকাৰ মনটিও উত্তেজনাৰে ভৰি পৰিছিল । কিয় বা মাতিলে তেনেকৈ । (আগলৈ)








