যন্ত্ৰণা (স্নিগ্ধা হাজৰিকা)


আপোনাৰ কবিতাবোৰ মোৰ প্ৰিয় । কিন্তু ৰহস্যজনক বহু কথা । আপুনি বাৰু জীৱনটোক লৈ বৰ সুখী নহয় নেকি ? কথাষাৰ কৈয়ে অভিনৱ নিৰ্বাক নিস্পন্দ হৈ পৰিল । জানোচা, স্মৃতিয়ে বেয়া পাইছে তাৰ অনুভৱ হ'ল । আনটো দিশৰ পৰা স্মৃতিয়ে মাথো এটা আচাৰ্য্য জনক হাঁহি মাৰিলে ৷ অভিনৱ কলিতা স্মৃতিৰ কবি বন্ধু । এদিন কবিতাৰ যোগেৰে চিনাকি হৈছিল দুয়ো । দুয়ো কবিতা লিখে, কবিতা প্ৰেমিক । সেইবাবেই হয়টো তেওঁলোকৰ মাজত এটি সুন্দৰ সম্পৰ্ক গঢ়ি উঠিছিল । লাহে লাহে আপুনিবোৰ তুমি হ'ল, তুমিবোৰ তই । স্মৃতিয়ে সংসাৰৰ বুজা কিছু সময়ৰ বাবে এৰি সময় দিছিল অভিনৱক । অভিনৱেও পৰম আকোলতাৰে সকলো আঁকোৱালি লৈছিল । বিচাৰি পাইছিল চাগে কিছু স্মৃতিয়ে এইবোৰৰ মাজত । মানসিক ভাৱে তাই কাষ চাপিছিল অভিনৱৰ । হয়টো এক বিশেষ আৰ্কষণ ৷ তাই কেতিয়াবা নিজকে প্ৰশ্ন কৰিছিল... অৰ্ণৱৰ প্ৰতি তাই অন্যায় কৰিছে নেকি ? অৰ্ণৱ চলিহাহে তাইৰ জীৱন । অভিনৱ মাথো কি বাৰু ? কিহৰ অভাৱত তাই অভিনৱৰ কাষ চাপিছে, কি দিয়া নাই অৰ্ণৱে তাইক । এটি সূৰ্দীঘ দিনৰ প্ৰেমৰ ফলতেইতো তেওঁলোকৰ যুগ্ম জীৱনৰ পাতনি মেলিছিল । তথাপিও বুকুত এক হাহাকাৰ কিয় ? কাৰ বাবে এই হাহাকাৰ ? অৰ্ণৱ নে অভিনৱ, কাৰ বাবে । নে দুয়োজনৰ বাবে । একে সময়তে দুজনৰ প্ৰতি এনে হাহাকাৰ অনুভৱ হ'ব পাৰেনে ?আত্ম পক্ষৰ সমৰ্থনত স্মৃতিৰ যুক্তি হয়... নিশ্চয় পাৰে । নাৰীৰ হৃদয় বৰ বিশাল । নাৰী নদীৰ দৰে । নাৰী হৃদয়ৰ বিশালতাই সমগ্ৰ জীৱ কূলকে আঁকোৱালি ল'ব পাৰে । এটা গভীৰ হুমুনিয়াহ । বৰ ভয়ংকৰ টনা আঁজোৰা । কোনটো সত্য । ভাবিলেই বুকু কঁপি যায় । তাই বাৰু ছলনাময়ী নেকি ? ইয়াৰ শেষ পৰিণতি কি হ'ব । আজি কিছু দিনৰ পৰা তাই হীনমন্যতাত ভূগিছে । অভিনৱৰ এষাৰ কথাই তাইক বুজাব পৰা নাই । যেন তড়িৎ গতিৰে সকলো আঁতৰি গৈছে । স্মৃতি যি হ'ল বাদ দিয়া, এইবোৰ ভুল । মানসিকভাৱে তুমি মোৰ বা মই তোমাৰ বহু কাষ চাপিলো ৷ কিন্তু আজি মই অনুতপ্ত আৰু মই তোমাৰ আশা ভংগ কৰিব নোৱাৰো । চোৱা, মই সদায় থাকিম তোমাৰ সৈ'তে, কিন্তু সকলো সম্পৰ্ক এৰি ৷ বুজিছা নহয় । স্মৃতি নিৰুত্তৰ । মাথো নিজক প্ৰশ্ন কৰিলে, কি আছিল এইবোৰ ? এখন মুখাভিনয় নে, অন্য কিবা ? অভিনৱে নিজেই সাঁজিলে নিজেই ভাঙিলে । সঁচাই কি বিচাৰিছিল বাৰু তাই অভিনৱৰ পৰা । সি বাৰু সংগ বিচাৰিছিল নেকি মাথো নিসংগ সময়ত তাইৰ পৰা । সি বাৰু ভয় খাইছে নেকি ? তাৰ আহিবলগীয়া সংসাৰত যদি স্মৃতিৰ ছাঁয়ে আন্ধাৰ কৰি দিয়ে । কিন্ত তাইতো মমতাময়ী, ভাগ কৰিছিল তাইৰ মৰমোৰক, প্ৰতিপলে সংগ দিছিল অভিনৱক সি বিচৰা ধৰণে ।এয়াই নাৰী আৰু পুৰুষৰ মাজত পাৰ্থক্য ।শেষত স্মৃতিয়ে অভিনৱক এষাৰ কথাই ক'লে... সেইবোৰ বাদ দিয়া, তুমি যিদৰে সুখী মইও তাতে সুখী । কাৰণ মই অৰ্ণৱ আৰু তোমাৰ মাজত পাৰ্থক্য নকৰো । মই বুজিব পাৰো স্মৃতি । শাৰীৰিক ভাৱে তুমি মোৰ নহ'লেও মানসিক ভাৱে তুমি মোৰ । এই পথেৰে যাবলৈ ময়ে বাধ্য কৰালো তোমাক, কিন্তু চোৱা এই সম্পৰ্কৰ নাম নাথাকে । থাকে মাথো ধ্বংস বহু জীৱনৰ । মই আজি নিজেই অনুতপ্ত । যন্ত্ৰণাত ভোগা এটি হাইঠা চৰাই । পাখি থাকিও উৰিব নোৱাৰো, পৰি দিলোঁ মাটিত ভুলতে । তোমাক যন্ত্ৰণাও দিব নোৱাৰো । বহু সময়ৰ পাছত স্মৃতিয়ে ক'লে.. তুমি চিন্তা নকৰিবা অভিনৱ । যন্ত্ৰণাত ক্ষত- বিক্ষত হ'বলৈ নিদিওঁ মোৰ হৃদয় । এই যন্ত্ৰণাবোৰেই এতিয়া মোৰ জীৱন । যন্ত্ৰণা যিমানেই গভীৰ হয়, ভালপোৱা সিমানেই মধুৰ হয় । নিশা ক্ৰমান্বয়ে গভীৰ হ'বলৈ ধৰিলে ।এইবোৰৰ সাক্ষী ৰ'ল এটি সৰু যন্ত্ৰ । দুয়ো মন্ত্ৰমুগ্ধ হৈ পৰিল । কোনেও কাকো যেন আৰু একো কোৱাৰ প্ৰয়োজন অনুভৱ নকৰিলে ৷
(উপসংহাৰঃ অৰ্ণৱ থকা স্বত্বেও অভিনৱক ভালপোৱাটো স্মৃতিৰ ভুল আছিল নেকি ? যদি ভুল, ইয়াৰ অংশীদাৰ অভিনৱো হ'ব । কিন্তু যন্ত্ৰণা মাথো স্মৃতিৰ বাবেহে কিয় ?)