চম্পাৱতীৰ সাধু (পৰিধি শইকীয়া)


ঠিকনাঃ নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত শাসিত)
দুপৰীয়াৰ ৰ’দ চেৰেঙা আহি চম্পাৱতীৰ গালতে পৰিল ৷ গাল দুখন ৰঙা পৰি উঠিছে তাইৰ ৷ গোটেই মুখখনত সৰু সৰু ঘামৰ টোপাল বিৰিঙিছে ৷ ৰিহাখনৰ আঁচলেৰে মুখখন মচি ল'লে । মুগাৰ মেখেলাখন আৰু সেউজীয়া কেঁচবছা ৰিহাখনে তাইক তুলি ধৰিছে । ১৬ বছৰীয়া কোমল দেহাটোৰ ভাঁজে- ভাঁজে পাট গাভৰুৰ চিনবোৰ যেন চকুত লগাকৈ জিলিকিছে ৷
জেঠমহীয়া বেলিটোৰ মোক খা মোক খা ৰূপ ৷- অশান্তি লাগিছে আৰু ! কিনো কামত লগালে নহয় আয়ে ।” নিজকে নিজেই কৈ উঠিল চম্পাৱতীয়ে ৷
ৰাতিপুৱাতে খাই অহা ভাতকেইটা কেতিয়াবাই হজম হ’ল । পেটটোও কলমলাই আছে । তাই মনতে ভাৱে অতগাল ধানৰ মাজত কেইটামান যদি বতা চৰায়ে খাই তেতিয়ানো কি পিতাইৰ ভঁৰাল উদং হ’ব । কিন্তু মাহী আইয়েকৰ ৰঙা চকুকেইটা মনলৈ অহাৰ লগে লগে সকলো চিন্তা আঁতৰাই কামত লাগিল ৷
-“ হুৰ হুৰ বতা চৰাই
মোৰ ধান নাখাবি,
তোক দিম গোটা কৰাই ।” -চিঞৰি উঠিল চম্পাৱতীয়ে ৷
- “ধানো খাম,
চাউলো খাম,
চম্পাৱতীক বিয়া কৰাই ঘৰলৈ লৈ যাম”
উচপ খাই উঠিল তাই । কোন ? কোন সেয়া ? ভিতৰি ভিতৰি সিয়ঁৰি উঠিল তাই মানুহজনী ৷ নিজেই নিজকে প্ৰবোধ দিলে তাই । ইয়াতটো কোনো নাই । সৌ দূৰলৈকে কোনো নৰ মণিচৰ চিনচাবেই নাই ৷ কিজানিবা এয়া তাইৰ ভ্ৰমেই । হয়, এয়া ভ্ৰমেই । পেটৰ ভোকে হয়তো মূৰত উঠিছেগৈ । ছেঃ ! তায়ো যে আৰু..... অদৰকাৰী চিন্তাবোৰ দূৰলৈ ঠেলি- হেঁচুকি আকৌ চিঞৰিলে তাই-
হুৰ হুৰ বতা চৰাই
মোৰ ধান নাখাবি,
তোক দিম গোটা কৰাই ৷- চিঞৰি উঠিল চম্পাৱতীয়ে ৷
ধানো খাম,
চাউলো খাম,
চম্পাৱতীক বিয়া কৰাই ঘৰলৈ লৈ যাম” ৷
নাঃ এয়া ভ্ৰম হ’ব নোৱাৰে । ঠিকেই শুনিছে তাই । কোনোবা আছে । কোনোবা পুৰুষৰ কণ্ঠস্বৰ এয়া । কোনোবা পুৰুষৰ..... জিকাৰ খাই উঠিল তাই । ভৰিৰ তলুৱাৰ পৰা মূৰৰ তালুলৈকে যেন এসোঁতা গৰম তেজ বৈ গ’ল ৷ ঘৰলৈ অহা বাটটো তাই কেনেকৈ আহিছিল গমকে নাপালে ৷ মূৰ আচন্দাইছিল । নতুন মুগাৰ মেখেলাখনে ভৰিত কাটিছিল, ধানৰ পাতে বিন্ধিছিল । তথাপিও তাই ৰোৱা নাছিল ৷ ঘৰলৈ আহিহে যেন জীউটো ঘূৰি আহিছিল তাইৰ ৷ তাইৰ মুখেৰে কথাবোৰ শুনাৰ পাছৰে পৰাই কিবা থমথমীয়া পৰিৱেশ এটাই বিৰাজ কৰিছিল ৷
আন দিনাৰ দৰে নহয় আজিৰ পুৱাতো ৷ যোৱাকালিৰে পৰা জুপুকা লাগি বহি আছে চম্পাৱতী । ক’ৰবাত যেন হেৰাই গৈছে তাইৰ সোণবৰণীয়া হাঁহিটো । তাই একো ধৰিব পৰা নাই । নাঃ একোয়েই । কিবা যেন আঁত লাগি ধৰিছে কথাবোৰ । কোনবা আছিল তেওঁ, কিয়বা মাতিছিল তেনেকৈ ? কিয়বা ?
-“ চম্পাকো লগত লৈ আন ৷
পিতায়েকৰ মাতত সৰৱ হৈ উঠিল চম্পা ৷ মাকক অনুসৰণ কৰি কোঠাৰ পৰা ওলাই আহিছে তাই । তেতিয়ালৈকে চোতালত ৰৈ আছিল লাগী মাহীমাক আৰু পিতায়েক ৷ গন্তব্য স্থান- বৰপুখুৰীৰ কাষৰ দ মাটিডৰা ৷ আলিটোৰ মূৰত থিয় হ’লহি চাৰিওজন, য’ত কালি চম্পা ৰৈ আছিল, ঠিক একে ঠাইতে ৷ জেঠমহীয়াৰ ৰ’দটো এতিয়াও ভৰপক হোৱা নাই যদিও চম্পাৰ কোমল মুখখনিত বিন্দু- বিন্দু ঘামৰ টোপালে দেখা দিছেহি ৷
- “চম্পা মাতচোন তই । কালিৰ দৰে ।” পিতায়েকে মাত দিলে তাইক ।
কিহবাই যেন সোপা মাৰি ধৰিছে তাইৰ ডিঙিত । মাতটো যেন ওলাই অহা নাই ।
-“ মাত আকৌ । চাওঁচোন কোননো সি ! কাৰ ইমান সাহস !
পিতায়েকৰ মাতত সাহ পাই ডিঙিটোত সোপা মাৰি থকা ভয়বোৰ গলাধঃকৰণ কৰি তাই মাতে-
“হুৰ হুৰ বতা চৰাই
মোৰ ধান নাখাবি,
তোক দিম গোটা কৰাই ৷
-ধানো খাম, চাউলো খাম,
চম্পাৱতীক বিয়া কৰাই
ঘৰলৈ লৈ যাম” ৷
আলিটোত ৰৈ থকা চাৰিওটা মানুহৰে বুকুখন চিৰিং কৰি গ’ল । ঠিকেই শুনিছেতো ? এয়া কোনো মতিভ্ৰম নহয়টো ? চাৰিওজনে ইজনে- সিজনৰ মুখলৈ চালে । এই যেন কৈ উঠিব, "নাই নাই, এয়া একো নাই । মতিভ্ৰম ৷ মতিভ্ৰম সকলো ৷" নিজই নিজকে সান্ত্বনা দিলে চাৰিওজনে । পিতায়েকে ক'লে,
-“ আকৌ এবাৰ মাতচোন চম্পা । কিজানিবা ভুলকৈয়ে শুনিলো ৷
চম্পাৰ সজল চকুহালে এই যেন পাৰ ভাঙিব ৷ ভয়, দুখ, খং নাজানো কিহবাই যেন তাইক খুন্দি- চেপি ধৰিছে । তথাপিও তাই পুনৰ একেদৰেই মাত দিলে আৰু পুনৰ সকলোকে আচৰিত কৰি বতাহত ক’ৰবাৰ পৰা ভাঁহি আহিল সেই একেটাই মাত ৷
-“ ধানো খাম, চাউলো খাম, চম্পাৱতীক বিয়া কৰাই ঘৰলৈ লৈ যাম”
ঠিকেই শুনিছে চাৰিওজনে ৷ কোনে বা ক'ব কি কাক ? চম্পাক বিয়া কৰাব ? কোনে ? চাৰিটা মগজুত তৎক্ষণাত অজস্ৰভাৱে হেঁচা মাৰি ধৰিলে । কিন্তু কোন বা তেওঁ, যিয়ে চম্পাক বিয়া কৰাম বুলি ক'লে । চাবতো লাগিব এবাৰ তেওঁক । নে গুচিয়ে যাব নেকি উভটি । অলেখ চিন্তাই তোলপাৰ লগাইছে পিতায়েকৰ মগজুতো । চাৎকৈ পোহৰ হৈ উঠিল তেওঁৰ মুখখন ৷ মনে মনে ভাবিলে কণা, কুঁজা যিয়েই নহওঁক, যদি চম্পাক গতাব পৰা যায় ঘৰখনৰ পৰা এটা বোজা আঁতৰিব । সমাজেও মাত মাতিব নোৱাৰিব এই কথাত । ইতিমধ্যে মনত পিয়াপি দি উঠা কুটিল অভিসন্ধিৰ বিষয়ে কাকো জানিবলৈ নিদিয়াকৈ পিতায়েকে মাতিলে,
-“ কোননো তুমি ? দেও নে মণিচ ? যিয়েইবা নোহোৱা দিয়াচোন দৰ্শন । কথা দিলে মোৰ বৰ জীয়ৰী চম্পাৱতীক তোমাকে গতাম ৷
পিতাকৰ এটা এটা শব্দই বুকুত শানিছিল চম্পাৰ ৷ সংযমেৰে ধৰি ৰখা চকুপানীবোৰে পাৰ ভাঙি নামি আহিছিল ৷ কিন্তু সেয়া চাবলৈ আঁহৰি নাছিল পিতায়েক অথবা লাগী মাহী মাকৰ । তাই দেখিছিল মাকৰ মুখখনেও যেন বৰণ সলাইছিল পিতায়েকৰ কথাত । বেজাৰত নে খঙত নাজানো মানুহজনীৰ মুখখন কেঁহাৰাজ বৰণীয়া হৈ পৰিছে ৷ চাৰিহাল চকুয়ে চাই আছিল সন্মুখৰ পথাৰখনৰ চৌপাশে উৎসুকতাৰে । কোনেওটো জনা নাছিল আগন্তুক ভৱিষ্যতেই বা আনিছে কি চম্পাৰ বাবে.... ! মাত্ৰ চম্পাৱতীয়ে শুনি আছিল তেতিয়া তাইৰ কেঁচা কলিজাৰ ধপধপনিবোৰ........