গুৰুমকৈ হোৱা প্ৰচণ্ড শব্দটোত ৰহিম চাচা সাৰ পাই উঠি বিচনাতে বহিল । চাকিটো জ্বলাই তেওঁ ঘড়ীটোলৈ চালে । নিশা ২ বাজিছে । তেওঁ মনতে ভাবিলে লুইতখনে বৰকৈ গৰজিব ধৰিছে, ক'তো একো অঘটন নোহোৱাকৈ ৰাতিটো পুৱালেই হ'ল আৰু । হঠাৎ আকৌ গুৰুমকৈ হোৱা শব্দটোৰ লগতে কান্দোনৰ হিয়াভগা চিঞৰ বাখৰ ভাঁহি আহিল । ততাতৈয়াকৈ টৰ্চটো হাতত লৈ যাকে যেনেকৈ পায় চিঞৰি চিঞৰি মথাউৰিটোৰ ভঙা অংশৰ ফালে তেওঁ দৌৰি গৈ দেখিলে লুইতৰ বুকুত ইতিমধ্যে কেইবাটাও পঁজা জাহ গৈছে । ৰুগীয়া পতি আৰু পুতেকক হেৰুৱাই ৰাহিমাজনী বাউলি হৈ পৰিছে । মৰমৰ ঘৰখন আৰু একমাত্ৰ গৰুহাল হেৰুৱাই বকুলৰ পৰিয়ালটোৱে মূৰে কপালে হাত দিছে ।
যিয়ে যেনেকৈ পায় চাকি, টৰ্চৰ পোহৰত সিহঁতক উদ্ধাৰৰ বৃথা চেষ্টা চলাইছে । কিন্তু নাই ...
লুইতখনে যেন অট্টহাস্য কৰি ৰাহিমাৰ পতি, পুতেকৰ লগতে বকুল আৰু সিহঁতৰ মৰমৰ ঘৰ দুখনি অতল গহ্বৰলৈ লৈ গ'ল ৷ ক'তো একো চিন ছাবেই নাই । শেষত নিঃসহায় হৈ পাৰত ৰৈ আছে এজাক দুৰ্ভগীয়া ৷
ঘোপমৰা অন্ধকাৰ ঠাইডোখৰত যেন অসংখ্য মমবাতি জ্বলাই সিহঁতে ৰাহিমাৰ পতি আৰু পুতেকৰ শোকসভাহে পাতিছে ৷








