অসমীয়া সমাজ জীৱনত 'নামঘৰ' শব্দটোৰ প্ৰাসংগিকতা বিশেষভাবে উল্লেখযোগ্য ৷ ই মাথো এটা শব্দ নহয়, ই হৈছে অসমীয়াৰ পৰিচয় । নামঘৰ হৈছে এক মহিমাযুক্ত ঘৰ আৰু বৈকুণ্ঠৰ প্ৰতীক । বৰ অসমৰ স্বপ্নদ্ৰষ্টা, জগত গুৰু শংকৰদেৱে বৰদোৱাত প্ৰথম নামঘৰ প্ৰতিষ্ঠা কৰিছিল বুলি জনা যায় যদিও ইয়াৰ কোনো লিখিত বিৱৰণ নাই । সি যিয়েই নহওঁক নামঘৰ হৈছে গুৰুজনাৰ এক অনুপম অৱদান আৰু অসমীয়া জাতিৰ ধৰ্ম, দৰ্শন, ভাষা- সাহিত্য, সভ্যতা- সংস্কৃতি, ক'লা- কৃষ্টিৰ এক স্বৰ্ণময় স্তম্ভ ৷ অসমীয়া জাতিৰ গঠন আৰু বিকাশত নামঘৰৰ অৱদান ভাষাৰে বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি ৷
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে একশৰণ হৰি নাম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ আৰু সংৰক্ষণৰ মহান উদ্দেশ্য লৈ নামঘৰ প্ৰতিষ্ঠা কৰিছিল । নামঘৰৰ অভিধানীক অৰ্থ হৈছে বিষ্ণুৰ গুণ, যশ, মহিমা, ধৰ্ম প্ৰকাশৰ আলয়, অৰ্থাৎ ভাষাত বৈষ্ণৱ সকলে দৈৱকীনন্দন, কৰুণাকৰ কৃষ্ণক উপাসনা কৰা পবিত্ৰ ঘৰ ।গুৰুজনাই অসমৰ গাৱেঁ- ভূঞে নামঘৰ স্থাপন কৰি একশৰণ হৰি নাম ধৰ্মৰ আদৰ্শ প্ৰচাৰ কৰিছিল ৷
নামঘৰত চাৰিটা ঘৰ থাকিব পাৰে, যেনে- বাটচৰা, নামঘৰ/
নামঘৰত যে কেৱল হৰিনামেই গোৱা হয় তেনে নহয় ৷ ই হৈছে সংগীত, চিত্ৰ- বাদ্য, নৃত্য- নাটক, ভাওনা আদিৰ ৰচনা, অনুশীলন, অনুসন্ধান আৰু সংৰক্ষণৰ কেন্দ্ৰ স্থল । নামঘৰত বিভিন্ন হস্তশিল্প আদিৰ প্ৰশিক্ষণ দিয়া হয় । মুঠৰ ওপৰত নামঘৰ হৈছে আধ্যাত্মিক আৰু সাংস্কৃতিক চৰ্চাৰ এক আদর্শ স্থলী ৷ নামঘৰত পুৱা- গধূলি বন্তি জ্বলোৱাৰ উপৰিও মাজে সময়ে পাঠ- প্ৰসংগ, পালনাম, বৰসবাহ, গুৰুজনাৰ জন্ম উৎসৱ, ভাওনা, ধৰ্মীয় উৎসৱ আদি পালন কৰা হয় । নামঘৰত বহু সময়ত গাৱঁৰ বিভিন্ন সমস্যাৰ সমাধানৰ বাবে আলোচনা চক্ৰ আদি অনুষ্ঠিত কৰা হয় ৷
মুঠৰ ওপৰত নামঘৰ হৈছে অসমৰ ঐক্য সংহতিৰ সময়ৰ কেন্দ্ৰ বিন্দু স্বৰূপ এক জাতীয় অনুষ্ঠান ৷ নামঘৰ প্ৰতিজন অসমীয়াৰ শ্ৰদ্ধা আৰু ভক্তিৰ আলয়, যত জাতি- বৰ্ণ, উচ্চ- নীচ ভেদাভেদে সকলোৱে একত্ৰিত হৈ হৰি চৰ্চাত নিমগ্ন হ'ব পাৰে । ই প্ৰতিজন অসমীয়াৰ গৌৰৱ আৰু জাতীয় ঐক্যৰ প্ৰতীক স্বৰূপ ৷
(সহায় লৈ)
ঠিকনাঃ গুৱাহাটী- ৬
দূৰভাষঃ ৯৮৫৯৭২৪০৬৩








