অগ্নিগহ্বৰৰ সিপাৰে- খণ্ড ৩ (ভৰত দত্ত মৃন্ময়)


আগফালে ফুলনি আৰু পাছফালে পান তামোলৰ বাৰীৰে সৈ'তে এটি সৰু অথচ আটোম টোকাৰী পঁজা ৷ কেঁচা মাটিৰে নিমজকৈ মচি থোৱা ঘৰটিত খেৰৰ চালৰ পৰিৱৰ্তে নতুনকৈ লগোৱা টিনপাট জিলিকিছে । ভেটি মাটিকণৰ বাহিৰে নিজৰ বুলিবলৈ এডৰাও মাটি নথকা, আনৰ মাটিত আধি খেতি কৰি খোৱা, খেতি কৰা সময়ৰ বাহিৰে আন সময়ত আনৰ ঘৰত হাজিৰা কৰা, চেলেং- গামোচা বৈ কাটি ভাত খোৱা পৰিয়ালটোত কেতিয়াও সুখৰ অভাৱ নাছিল ৷ এটা ল'ৰা, এজনী ছোৱালীৰে সৈ'তে চাৰিজনীয়া পৰিয়ালটোৱে সদায় হাঁহি আছিল আৰু আনকো হাঁহিবলৈ শিকাইছিল । কিন্তু অকস্মাতে পৰিয়ালটোলৈ অমানিশাৰ আন্ধাৰ নামি আহিল । কোনোবা হৃদয়হীন মানুহে কাঢ়ি নিলে তেওঁলোকৰ মুখৰ হাঁহি, পেটৰ ভাত ৷ ক'ৰ পৰা কি হৈ গ'ল কোনোৱে ততেই ধৰিব নোৱাৰিলে ৷

তন্দ্ৰামিতাই চিঠিখনকে বাৰে বাৰে পঢ়িছে যদিও একো ক্লু বিচাৰি নাপালে । চিঠিখনত লিখাৰ ধৰণেৰে যদি ঘটনা ঘটিছে তেনে ঘাটকক বিচাৰি উলিওৱাটো বৰ সহজ নহ'ব ।
মিঃ বৰুৱাই চিঠিখন পঢ়ি তন্দ্ৰামিতাৰ লগত আলোচনা কৰি চিঠিখন ফ'ৰেণচিক লৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিলে ৷
বৰুৱাই সকলো দিশ তন্ন তন্নকৈ চকু ফুৰালে যদিও এই ঘটনাৰ আঁৰত তৃতীয় শক্তি জড়িত আছে বুলি প্ৰায় নিশ্চিত হ'ল । কিন্তু এখন বেনামী চিঠিৰে সমগ্ৰ ঘটনাটো পোহৰলৈ অনাৰ ক্ষেত্ৰত সফল হ'ব নে নহ'ব তাৰ প্ৰতি সন্দেহ আছে । হঠাৎ বৰুৱাই শইকীয়াক উদ্দেশ্যি শুধিলে-
- প্ৰতিমৰ ম'বাইল আছিল নেকি যদি আছে মোক প্ৰতিমৰ ম'বাইল নম্বৰটো লাগিব ।
- মিঃ শইকীয়াৰ ল'ৰা প্ৰতিম । বৰ সহজ সৰল । আৰ্থিক দৈন্যতাই কোঙা কৰা পৰিয়ালটোৰ প্ৰতিম বি কম পাছ কৰি চাকৰি নাপাই সোণাপুৰৰ এজন উদ্যোগপতিৰ গাড়ী চালক ৰূপে নিয়োজিত আছিল । কিন্তু সি এমাহ মান কামলৈ নাই যোৱা আৰু আজি সি নিৰুদ্দিষ্ট হৈছে ।
- তাৰ ম'বাইল আছিল কিন্তু তাৰ ম'বাইল অফ আছে । শইকীয়াই হুমুনিয়াহ কাঢ়ি ক'লে ।
- ঠিক আছে তাৰ নম্বৰটো দিয়ক চোন ।
- ৯৮৫......
- ম'বাইল নম্বৰ আৰু এখন চিঠি লৈ মিঃ বৰুৱা আৰু লগৰ দুজনৰ সৈ'তে পুনৰ উভতিল ।
- এখন বেনামী চিঠি আৰু এটা বন্ধ ম'বাইল নম্বৰ লৈ সোণাপুৰৰ পৰা অফিচলৈ বুলি পুণৰ ইনভাখন গাৱঁলীয়া পথেৰে উভটিল । (আগলৈ)

দূৰভাষঃ ৯৪৩৫৪৪৮৮০৪