দিনৰ দিনটো আইচক্ৰীমৰ থেলা খন লৈ ঘূৰি ফুৰো অঞ্চলটোৰ স্কুলকেইখন আৰু কলেজ খনৰ মুখত নতুবা অথবা মচফচল চহৰ খনৰ গলিবোৰত ৷
চাৰি আলিটোত সদায় ৰোৱাৰ দৰেই আজিও অলপ দেৰি ৰৈছো । ধুনীয়া ধুনীয়া কাপোৰ পিন্ধা মানুহ বোৰে ৰঙা নীলা বৰফ বোৰ খাই গৈছে ৷ বেলি লহিয়াবৰ হৈছে আৰু..... তথাপিও গৰম টো কমা নাই ৷ থেলাখনৰ ঢাকনী খন খুলি চালো আৰু বাৰটা বৰফ বিক্ৰী নোহোৱাকৈ আছে ! গৰমত মোৰ অৱস্থা কাঢ়িল । ভাবিলো খায় চাওঁ নেকি এটা ৷ লাহেকৈ ঢাকনী খন খুলিবলৈ লওঁতেই মনত পৰিল মাৰ দৰৱ খিনিও শেষ হ'বৰ হ'ল । জেপ খুচৰি চালো আৰু ৬০ টকামান হ'লে দৰৱ কিনিব পৰা যাব ৷ এহ ঢাকনী খন জপাই চিৰ পৰিচিত চিঞৰ টো মাৰিলো- "এই বৰফ ল'ৱ বৰফ" .............
ঠিকনাঃ দেৰগাওঁ কমল দুৱৰা মহাবিদ্যালয়








