কবিতা (দীপ্তি দেউৰী বৰা)


(১)
গছবোৰ কটাৰ অপৰাধত
নদীয়ে দোষী কৰে মানুহক...
নদী ঘৰৰ মুধচলৈ উজায় ৷

(২)
উমাল ওম লৈ "ষ্টেটাচ" দিলো
শীত মোৰ প্ৰিয় ঋতু ৷
পদ পথত পাগলীজনী চিঞৰি উঠিল৷