নীলা খামৰ চিঠি (স্বপ্ননীল অনুভৱ)


মৰমৰ কাব্যেয়া,
মৰম ল'বা । আশা কৰো এইখনেই তোমালৈ মোৰ শেষ চিঠি । অৱশ্যে এইখনো নিলিখিম বুলিয়েই সিদ্ধান্ত লৈছিলো । পিছে হৃদয়ৰ দিচাঙত ফেনে- ফোটোকাৰে উঠা অনুভৱৰ ঢৌবোৰে যে মোক লিখিবলৈ বাধ্য কৰালে । সেয়ে অবাধ্য হাতৰে তুলি ল'লো বিশ্বাসী কলম । কাৰণ নাদৰ পানীৰ খাব খুজিলে গাঁত খান্দিবই লাগিব ! হাত সাবটি বহি থাকিলে পিয়াহৰ পানীখিনিতো ঝৰ্ণাৰ হৈ নামি নাহিব ৷
বিশ্বাস কৰা কাব্যেয়া, মই ক'বই নোৱাৰিলো জীৱনৰ কঠিয়া তলিত যৌৱনৰ কেঁচা আলিৰে গৈ থাকোতে কেনেকৈ যে তোমাৰ মাত শুনি পিছলি পৰি প্ৰেমৰ বোকা- পানীৰে গা তিয়ালো । মইতো আনবোৰ ল'ৰাৰ দৰে তোমাৰ পিছে পিছে ঘূৰা বিধৰো নাছিলো । সঁচাই অদ্ভুত বুলি ক'লেও ভুল কোৱা নহ'ব মোক অথবা মোৰ প্ৰেমক । তোমাক নেদেখাকে, নুবুজাকে কেনেকৈ যে প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিলো । জানাতো নাছিলো তুমি কোন, তোমাৰ ঘৰ ক'ত আৰু বুজাও নাছিলো তুমি বা বিচৰা কি ? হঠাৎ এদিন তোমাৰ বান্ধৱী মুখত তোমাৰ প্ৰশংসা শুনি তোমাৰ প্ৰতি দুৰ্বল হৈছিলো আৰু পূজাত প্ৰথম দেখা দিনৰে পৰা বিশ্বাসৰ চিলা উৰুৱাই মনাকাশত এখন সাতোৰঙীন ৰামধেনু সজাৰ সপোন দেখিছিলো । কিন্তু আজি সেই কল্পনাৰ ৰামধেনু মোৰ সেমেকা দুচকুৰ পৰা লুকুৱাৰ উপক্ৰম কাব্যেয়া ৷
তুমিতো জানাই, পিছফালৰ পৰা কুকুৰ এটাক দলিয়ালে কুকুৰটোৱেও উলটি চায় । পিছে তুমিতো মানুহ ! ইমান মৰমেৰে ভালপোৱাৰ প্ৰস্তাৱ আগবঢ়ালো, গ্ৰাহ্য নিদিলা । এইবাৰেই শেষ আৰু কেতিয়াও তোমাক আমনি নকৰো ! এয়া চিঠিৰ বুকু শেষ আশাকণ দি পঠিয়ালো, ভাল লাগিলে হৃদয়ত সাঁচি ৰাখিবা আৰু নহ'লে সোঁৱৰণি তীৰত মিছা মায়াক চিতা সজাই মোৰ ভালপোৱাক পুৰি ছাই কৰিবা ।

ইতি-
তোমাৰ স্বপ্ননীল

ঠিকনাঃ কোকৰাঝাৰ