সম্পাদকীয়


শাৰদী কোমল জোনাকৰ মায়াৰে মন উতলা কৰে.......
শৰত মানেই নিয়ৰ, শেৱালি জোনাক আৰু অপূৰ্ব সৌন্দৰ্যৰে ভৰপূৰ এটা ঋতু, প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি পৃথিৱীৰ প্ৰত্যেকটো উপাদানতে পৰিলক্ষিত হয়, সুন্দৰতাই মানুহক আকৰ্ষণ কৰে শৰতৰ পুৱাবোৰত দুবৰি বুকুত জীৰাই থকা শেৱালিবোৰে কঢ়িয়াই লৈ ফুৰে শৰতৰ সুন্দৰতা সমগ্ৰ..........
শৰত নহৈ নাৰী হোৱা হ'লে...
হৃদয়ৰ সমস্ত দি ভালপালো হয়...

শৰত মানেই প্ৰাকৃতিক প্ৰেম আৰু পূজাৰ বতৰ, মাদলৰ শব্দ, ইত্যাদি ইত্যাদি ৷ শৰত আনন্দৰ ঋতু, দ্বাপৰ যুগত শৰতৰ পূৰ্ণিমা ৰাতিত গোপীসৱে শ্ৰীকৃষ্ণৰ বাঁহীৰ শব্দত উন্মাদ হৈ পৰাৰ দৰে, শৰত আহিলেই সলনি হয় সকলো.... প্ৰকৃতি মানুহৰ মন সকলোবোৰ, শেৱলিৰ শুভ্ৰতাই কঢ়িয়াই আনে ভাললগা সকলোবোৰ ৷
শৰত এটি ঋতু নহয় ই উৎসৱৰ বতৰ, পূজাৰ বতৰ, প্ৰেমৰ বতৰ......

শৰতৰ প্ৰতিটো দিন সুন্দৰ হওঁক আপোনাৰ বাবে, আপোনাৰ ঘৰৰ সকলোবোৰৰ বাবে তাৰে কামনাৰে......
ধন্যবাদ -