ভগৱান বুলি কৈ বিসৰ্জন নিদিবা মোক (ৰথীন্দ্ৰ কুমাৰ নাথ)

মোৰ তেজত এডাল ৰঘুমলা শিপাইছে,
পাৰ্য্যমানে আগবাঢ়ি গৈছে স্থিতি সবল কৰিবলৈ আৰু
মোক ক্ৰমাত নিশকতীয়া কৰিছে।
ইমানৰ পাছতো মই কষ্টত চিঞৰা নাই,
হাঁ‌হাকাৰ কৰা নাই যন্ত্ৰণাত।

এদিন মই গৌৰীপুৰলৈ যাম নাচনি বিচাৰি...
ঘুমটীয়াই ঘুমটীয়াই হ'লেও টানি আনিম এজনী,
হস্তীৰ কন্যাৰ স'তে মিলি চাম তাই নাচ ৷

ঢোদৰ আলিত বহি নাকেৰে টানি ল'ম
অগৰুৰ সুবাস,
নেঘেৰিটিং শিৱদৌলত গৈ
বান্দৰৰ স'তে মিতিৰালী পাতিম,
গৰখীয়া গোঁ‌সাই থানত গামোচা বান্ধিম,
বৃন্দাবনত বহি কৃষ্ণৰ ভাঁ‌ও ল'ম।

ৰঘুমলা ডাল এটিয়াও সজীৱ
অস্তিত্বৰ সংকটত প্ৰতিজনৰ ৰাজহাড় নথকা দেহবোৰ,
বতাহত উৰি থাকে নাৰীৰ বিষাক্ত সপোন
দংশন কৰিবলৈ ইপ্সিত জনক,
ইপ্সিত কোন...?
কাহিনীৰ নেপথ্যত কোন বাৰু?
কোন ৰঘুমলা কবিতা পঢ়ি প্ৰেমত পৰিছে,
পত্নী হোৱাৰ অনুশীলন কৰিছে ক্ৰমশঃ

মইটো স্পৰ্শৰ বাবে নাছিলো কাহানিও।
মোকটো তুমিয়েই পূজাৰ অৰ্ঘ্যলৈ
ৰূপান্তৰ কৰিব বিচাৰিছিলা!
মোৰ উন্নতিৰ হ'কে থাপনাত চাকি জ্বলাইছিলা,
হিয়াৰ কৰণি উপচাই সজাই আনিছিলা নৈব্যেদ্য।

কিহৰ বাবে ইমান ছেদন মোৰ স্থিতপ্ৰজ্ঞ দেহত...?
ভুলবোৰ ভুল হৈয়ে থাকি যায়,
বিষাক্ত কাঠফুলা গজে নিৰ্ভেজাল কবিতাত।
সময়ে গতিপথ সলায় পোহৰৰ পৰা এন্ধাৰলৈ,
তাতেই জন্ম হয় উগ্ৰনিনাদ।
ঈশ্বৰ হোৱাৰ হাবিয়াস মোৰ কাহানিও নাছিল
এয়া অলিক কল্পনা মাথোঁ‌।
কিয় মোক ভগৱান বুলি কৈ বিসৰ্জন দিলা?
কিয়...? কিয়...?