লিখিব নোৱাৰা প্ৰেমৰ বেদনা (পৰী গগৈ)



কি লিখিব হৃদয়ে অনুভৱ
জোনাকক প্ৰায়ে মেঘে আগুৰি ধৰে ৷
বাদ দিলো মেঘালীৰ বোকোচাত উঠিবলে
ভয় লাগে
কিজানি মৰমৰ শিতানত জগৰ লাগে ৷
বাউনা হৈ সৰগলৈ হাত মেলি কিবা জানো লাভ
তথাপিও প্ৰায়ে আমনি কৰে সপোনবোৰে ৷
কাহানিও পূৰণ নোহোৱা সেই কণমানি আখ্যান
মাথোঁ শুনিবলৈহে লাগে ভাল ৷
ল’ৰালিৰ ঠিক ধেমালিবোৰ দৰে
কোনোবা ৰাজকুমাৰীৰ দৰে ৰৈ থাকিম
দৈৱক্ৰমে কোনোবা ৰাজকুমাৰৰ সান্নিধ্য পাম
অমৰাৱতীৰ নিচিনা সৰগ লৈ তেওঁ আহিব !
দেখাত বহু বেছি পৰিমাণে যেন কল্পনাৰ ৰহন
সঁচা ক’বলৈ গ'লে একেবাৰেই সৰু স্বপ্ন
হিয়াত অকণমান ঠাই আৰু তিলবিন্দু মৰম,
সেয়া পালেই চলি যাব ওৰেটো জীৱন ৷